ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা তিনিখনীয়া টেষ্ট শৃংখলাৰ তৃতীয় আৰু অন্তিমখন টেষ্ট ১ নৱেম্বৰৰ পৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । শৃংখলাৰ তৃতীয়খন টেষ্ট মেচ ভাৰতীয় দলৰ বাবে অতি গুৰুত্বপূৰ্ণ । শৃংখলাৰ প্ৰথম দুখন টেষ্টত পৰাজয়ে ভাৰতীয় দলৰ বাবে ভাবুকি কঢ়িয়াই আনিছে । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে ভাৰতে যিকোনো মূল্যৰ বিনিময়ত ছিৰিজৰ তৃতীয়খন মেচত জয়ী হ’ব লাগিব । ইফালে এই টেষ্টতে ভাৰতৰ ৰবীন্দ্ৰ জাডেজাই ৱাংখেড়েত প্ৰাক্তন বেগী বলাৰ জাহীৰ খানক অতিক্ৰম কৰাৰ সুযোগ পাব ।
টেষ্টত সৰ্বাধিক উইকেট দখল কৰাৰ ক্ষেত্ৰত প্ৰাক্তন কিংবদন্তি জাহীৰ খানক অতিক্ৰম কৰিবলৈ মাত্ৰ তিনিটা উইকেটৰ দূৰত আছে জাডেজা । এতিয়া তৃতীয় টেষ্টত যদি জাডেজাই তিনিটা উইকেট দখল কৰিবলৈ সফল হয় তেন্তে তেওঁ জাহিৰক অভাৰটেক কৰিব । টেষ্টত ৩১১টা উইকেট দখল কৰিছে জাহীৰ খানে । বৰ্তমান জাডেজাৰ নামত ৩০৯ টা উইকেট আছে ।
ইশান্ত শৰ্মাইও টেষ্টত ৩১১টা উইকেট দখল কৰিছে । অৰ্থাৎ জাডেজাই তিনিটা উইকেট লোৱাৰ লগে লগে ইশান্ত শৰ্মা আৰু জাহীৰ খানক একেলগে অতিক্ৰম কৰিব । এই তিনিটা উইকেট লোৱাৰ পিছতে জাডেজা ভাৰতীয় টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক উইকেট দখল কৰা পঞ্চমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হ’ব ।
অনিল কুম্বলে বৰ্তমান ভাৰতৰ হৈ টেষ্টত সৰ্বাধিক উইকেট সংগ্ৰহকাৰী । কুম্বলেই টেষ্টত ৬১৯ টা উইকেট দখল কৰিছে । অশ্বিন দ্বিতীয় স্থানত আছে, যাৰ নামত ৫৩৩ টা উইকেট আছে । ইয়াৰ পিছত, কপিল দেৱ তিনি নম্বৰত আছে । কপিলে তেওঁৰ টেষ্ট কেৰিয়াৰত ৪৩৪ টা উইকেট দখল কৰিছে । ইয়াৰ পিছত হৰভজন সিঙৰ আছে । ভাজ্জিয়ে তেওঁৰ টেষ্ট কেৰিয়াৰত ৪১৭ টা উইকেট দখল কৰিছে ।
অষ্ট্ৰেলিয়াৰ বেগী বলাৰ ব্ৰেট লীয়ে টেষ্টত ৩১০ টা উইকেট অৰ্জন কৰিছে । অৰ্থাৎ দুটা উইকেট লোৱাৰ পিছত জাডেজা ব্ৰেট লীতকৈয়ো আগবাঢ়ি যাব ।
ৱাংখেড়েত ভাৰতৰ অভিলেখ কেনেকুৱা-
মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত, ভাৰতে এতিয়ালৈকে ২৬ খন টেষ্ট মেচ খেলিছে, য’ত ১২ খন জিকিছে আৰু ৭ খনত পৰাজিত হৈছে । ইয়াৰ উপৰিও, ৭ খন টেষ্ট মেচ ড্ৰ হৈছিল ।