মধ্য প্ৰদেশৰ ৰেৱাৰ মন্দিৰৰ সমীপত এক জঘন্য ঘটনা সংঘটিত হৈছে। গুৰ আৰক্ষী থানা অঞ্চলৰ এহাল স্বামী স্ত্ৰীয়ে দৰ্শন কৰিবলৈ গৈছিল ভৈৰৱনাথ মন্দিৰ।কিছুদিন পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো। ভৈৰৱনাথ মন্দিৰৰ কুণ্ড মহিলা গৰাকীয়ে স্নান কৰি থকাৰ সময়ত কাষতে কেইজনমান লোকে পাৰ্টী কৰি আছিল । এই যুৱক কেইজনে প্ৰথমে মহিলাগৰাকীক অশ্লীল ইংগিত দিছিল। সেই কথাক যেতিয়া মহিলা গৰাকীৰ স্বামীয়ে বাধা দিছিল তেতিয়া যুৱককেইজনে এডাল গছত ব্যক্তিগৰাকী বান্ধি মহিলা গৰাকীক গণ ধৰ্ষণ কৰে। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি প্ৰায় ৬ ৭ জন যুৱকে মিলি স্বামীৰ চকুৰ সন্মুখতেই ধৰ্ষণ কৰিলে মহিলাগৰাকীক। ইমানেই নহয় অভিযুক্ত কেইজনে ধৰ্ষণৰ ভিডিঅ’ কৰিছিল। তেওঁলোকে ভাবুকি দিছিল যে মহিলা গৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ কৰে তেন্তে ভিডিঅ’টো ভাইৰেল কৰিব।ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।