খাদ্য সামগ্ৰীৰ আকাশলংঘী দামৰ বাবে দেশত চলি থকা উৎসৱৰ বতৰত সাধাৰণ জনতা বিপাঙত পৰিছে । উৎসৱৰ বতৰত ঘৰ আৰু পাকঘৰৰ বাজেট কেনেকৈ বনাব লাগে যাতে ধনতেৰচ, নৰক চতুৰ্দশী আৰু দীপাৱলীৰ দৰে উৎসৱত খাদ্য সামগ্ৰী আৰু সাজ-সজ্জা সামগ্ৰীৰ বৰ্ধিত মূল্যই তেওঁলোকক অসুবিধাত নেপেলাই এইটোৱেই ডাঙৰ প্ৰশ্ন । এই সময়ত ওচৰৰ স্থানীয় বজাৰখনলৈ গৈ শাক-পাচলি কিনাই হওক বা অনলাইনযোগে শাক-পাচলি অৰ্ডাৰ দিয়াই হওক, ক্ৰেতাই অধিক দাম দিব লাগিব ।
বজাৰত শাক-পাচলিৰ দাম-
শাক-পাচলিৰ বজাৰত দামলৈ লক্ষ্য কৰিলে আপুনি হয়তো অনুভৱ কৰিব পাৰে মুদ্ৰাস্ফীতিৰ প্ৰভাৱ, যেনে পিঁয়াজৰ দাম প্ৰতি কেজিত ৭০-৮০ টকা আৰু বিলাহীৰ দাম প্ৰতি কেজিত ৯০-১০০ টকা । আলুৰ মূল্য প্ৰতি কেজিত ৪০-৫০ টকা ।
অনলাইনত শাক-পাচলি অৰ্ডাৰ দিলে কিমান টকা দিব লাগিব ?
অনলাইনত প্ৰতি কেজি বিলাহী ১২০ টকা আৰু আলু ৫০ টকাকৈ উপলব্ধ । ফেন্স বীনৰ প্ৰতি কেজিত দাম ১৮০ টকা পৰ্যন্ত । ভেণ্ডি প্ৰতি কেজিত ৯০ টকা আৰু ফুলকবি প্ৰতি কেজিত ১০০ টকাত উপলব্ধ । নহৰুৰ মূল্য প্ৰতি কেজি ৪০০ টকা, অৰ্থাৎ ইয়াৰ মুদ্ৰাস্ফীতি আকাশলংঘী ।
গ্ৰাহক পৰিক্ৰমা বিভাগত চৰকাৰী মূল্য পৰীক্ষা কৰক-
গ্ৰাহক মন্ত্ৰালয়ৰ ৱেবছাইটত চালে চৰকাৰী দাম দেখা পাব । ইয়াত বিভিন্ন চহৰ অনুসৰি দামবোৰ এবছৰৰ আগৰ হাৰৰ সৈতে তুলনা কৰা হৈছে । আপোনাৰ চহৰত আলু, বিলাহী, পিঁয়াজৰ দৰে অত্যাৱশ্যকীয় শাক-পাচলিৰ দামত কি পৰিৱৰ্তন হৈছে তাক ৱেবচাইচত গৈ চাব পাৰে ।
ৰাজধানী দিল্লীত শাক-পাচলিৰ দাম কি (২০ অক্টোবৰ ২০২৪ তাৰিখলৈকে)
আলুৰ মূল্য আছিল ৩৩ টকা যি এবছৰৰ পূৰ্বে প্ৰতি কেজিত ২৮ টকা আছিল ।
পিঁয়াজৰ দাম ৬০ টকা আৰু এবছৰৰ আগতে প্ৰতি কেজিত ৪০ টকা আছিল ।
বিলাহীৰ বৰ্তমান প্ৰতি কেজি ৯২ টকা, যিটো এবছৰৰ আগতে প্ৰতি কেজি ৩২ টকা আছিল ।
আৰ্থিক ৰাজধানী মুম্বাইত শাক-পাচলিৰ মূল্য (২০ অক্টোবৰ ২০২৪ তাৰিখলৈকে)
প্ৰতি কেজি আলুৰ মূল্য আছিল ৪৫ টকা যিটো এবছৰৰ পূৰ্বে প্ৰতি কেজি ২২ টকা আছিল । (২৩ টকা বৃদ্ধি)
পিঁয়াজৰ দাম ৭৮ টকা আৰু এবছৰৰ পূৰ্বে প্ৰতি কেজিত ৩৮ টকা আছিল । (৪০ টকা বৃদ্ধি)
বিলাহী বৰ্তমান প্ৰতি কেজি ৯২ টকা, যি এবছৰৰ আগতে প্ৰতি কেজি ৩২ টকা আছিল । (৬০ টকা বৃদ্ধি)