ভাৰত আৰু চীনে সৈন্য প্ৰত্যাহাৰ কৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (Line of Actual Control) পুনৰ টহল আৰম্ভ কৰাৰ বাবে নতুন চুক্তিত উপনীত হৈছে । খবৰ অনুসৰি এই চুক্তি দেপছাং আৰু ডেমচোক অঞ্চলত টহল দিয়াৰ সৈতে জড়িত । তথ্য অনুসৰি এই দুয়োটা সংঘাতৰ স্থানত (দেপছাং আৰু ডেমচোক) টহল আৰম্ভ হৈছে আৰু অতি সোনকালে দুয়োখন দেশে নিজৰ সৈন্য প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰিব । সোমবাৰে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে । তেওঁ কয় যে দুয়োখন দেশৰ মাজত টহল দিয়াৰ ব্যৱস্থাই ২০২০ চনত পূৱ লাডাখত উদ্ভৱ হোৱা উত্তেজনা ক্ৰমান্বয়ে সমাধান কৰি আছে ।
২২-২৩ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণৰ ঠিক পূৰ্বে এই গুৰুত্বপূৰ্ণ খবৰ পোহৰলৈ আহিছে । ব্ৰিকছ সন্মিলনৰ মাজত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত দ্বিপাক্ষিক আলোচনাৰ সম্ভাৱনা সন্দৰ্ভত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, ‘যোৱা কেইবা সপ্তাহ ধৰি ভাৰত আৰু চীনৰ মাজত কূটনৈতিক আৰু সামৰিক আলোচনা চলি আছে । এল এ চিৰ বিষয়ত চীনৰ সৈতে আমাৰ চুক্তি আছে । সৈন্য প্ৰত্যাহাৰ আৰু পৰিস্থিতিৰ সমাধানৰ বাবে টহল দিয়াৰ ব্যৱস্থা কৰা হৈছে । দ্বিপাক্ষিক আলোচনাৰ বিষয়টোত আমি এতিয়াও সময় আৰু প্ৰতিশ্ৰুতি অনুসৰি কাম কৰি আছো ।‘
শেহতীয়াকৈ দুয়োখন দেশৰ বিষয়াসকলৰ মাজত হোৱা আলোচনাৰ অন্তত ভাৰত আৰু চীনে পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল দিয়াৰ বাবে চুক্তিত উপনীত হৈছে । মিশ্ৰীয়ে কয় যে টহল দিয়াৰ চুক্তিৰ পিছত দুয়োখন দেশৰ মাজত এল এ চিৰ উত্তেজনা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে । বৈদেশিক সচিবগৰাকীয়ে কয় যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত বাকী থকা সমস্যাসমূহ সমাধানৰ বাবে যোৱা কেইসপ্তাহমানৰ পৰা ভাৰত আৰু চীনৰ আলোচনাপন্থীসকলৰ যোগাযোগ আছে ।
উল্লেখ্য যে পূব লাডাখৰ গালৱান উপত্যকাত যোৱা ১৫–১৬ জুন ২০২০ তাৰিখে ভাৰত আৰু চীনৰ জোৱানৰ মাজত সংঘৰ্ষ হৈছিল । ইয়াত ২০ জন ভাৰতীয় জোৱান নিহত হয় আৰু প্ৰায় দুগুণ চীনৰ সৈনিকো নিহত হৈছিল । অৱশ্যে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে নিজৰ সৈনিকৰ বিষয়ে চৰকাৰী তথ্য প্ৰকাশ কৰা নাছিল ।এই ঘটনাৰ পিছত দুয়োখন দেশৰ মাজত সম্পৰ্ক উত্তেজনাপূৰ্ণ হৈ আছে ।
ইফালে ২২ অক্টোবৰৰ পৰা ৰাছিয়াৰ কাজান চহৰত ব্ৰিকছ সন্মিলন আৰম্ভ হ’ব । প্ৰথম দিনাই ব্ৰিকছৰ নেতাসকলৰ বাবে নৈশ ভোজৰ আয়োজন কৰা হৈছে । ২৩ অক্টোবৰত দুখন মূল অধিৱেশন অনুষ্ঠিত হ’ব । পুৱাৰ অধিৱেশনৰ পাছত বিয়লি শীৰ্ষ সন্মিলনৰ মূল বিষয়ৰ ওপৰত মুকলি অধিৱেশন অনুষ্ঠিত হ’ব । এই অধিবেশনত ব্ৰিকছৰ নেতাসকলে কাজান ঘোষণাপত্ৰ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । এই ঘোষণাই ব্ৰিকছৰ বাবে আগুৱাই যোৱাৰ পথ প্ৰস্তুত কৰিব । অহা ২৪ অক্টোবৰত সামৰণি পৰিব ব্ৰিকছ সন্মিলন । অৱশ্যে গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ২৩ অক্টোবৰত নতুন দিল্লীলৈ উভতি আহিব । ব্ৰিকছ শীৰ্ষ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰীয়ে কিছু দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে ।