দেওবাৰৰ নিশা জম্মু-কাশ্মীৰত গান্দেৰবলত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৭ জন লোকৰ মৃত্যু হৈছিল।গান্দেৰবল আক্ৰমণ সন্দৰ্ভত, এতিয়া ফাৰুক আব্দুল্লাই পাকিস্তান আৰু সন্ত্ৰাসবাদীসকলক সতৰ্ক কৰি দিছে । ফাৰুক আব্দুল্লাই স্পষ্টকৈ কৈছে যে কাশ্মীৰক কোনো কাৰণতে পাকিস্তান হ’বলৈ দিয়া নহ’ব।তেওঁ গান্দেৰবল আক্ৰমণক তীব্ৰ গৰিহণা দিছে। তেওঁ লগতে কৈছে যে “সন্ত্ৰাসবাদী সকলে শ্ৰমিক সকলক ছহিদ হে কৰিলে। তেওঁলোকে কাশ্মিৰক পাকিস্তান বুলি ভাবিছে।মই পাকিস্তানৰ শাসকসকলক ক’ব বিচাৰো যে যদি আপোনালোকে সঁচাকৈয়ে ভাৰতৰ সৈতে বন্ধুত্ব বিচাৰে, তেন্তে এইবোৰ বন্ধ কৰক।আপোনালোকে নিজৰ দেশলৈ চাওক আৰু প্ৰগতিৰ ওপৰত গুৰুত্ব দিয়ক। ৭৫ বছৰে যেতিয়া কাশ্মিৰক পাকিস্তান বনাব নোৱাৰিলে তেনেহলে এতিয়া কেনেকৈ হ’ব। এইবোৰ বন্ধ কৰক, নহ’লে ইয়াৰ ফলাফল ভাল নহ’ব”।