ৰাজ্যৰ ৪ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম । কিছু সময় পূৰ্বে AICC এ প্ৰকাশ কৰিছে উপ-নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ।
ছিদলীত সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিছে সঞ্জীৱ ৱাৰ্লেই । ইফালে বঙাইগাঁৱত ব্ৰজেনজি সিনহাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে । চামগুৰিত কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলে । আনহাতে ধলাইত ধ্ৰুৱজ্যোতি পুৰকায়স্থক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে ।
উল্লেখ্য যে, ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন । চামগুৰি, বঙাইগাঁও, ধলাই, বিহালী আৰু ছিদলী সমষ্টিৰ বাবে হ’ব এই নিৰ্বাচন । ইয়াৰে বিহালী সমষ্টিক বাদ দি, আন চাৰিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে কংগ্ৰেছে ।