আমাৰ দেশত বিবাহিত জীৱনক বাহনৰ সৈতে তুলনা কৰা হয়। য’ত স্বামী স্ত্ৰীক বাহনখনৰ দুটা চকা বুলি অভিহিত কৰে।তাৰে যদি কোনোবা এজনৰ কিবা হয় তেন্তে বৈবাহিক জীৱনটো আগবাঢ়িব নোৱাৰে। স্বামী আৰু পত্নীৰ এই সম্পৰ্ক যিমান শক্তিশালী সিমানে ঠুনুকাও। এই সম্পৰ্ক শক্তিশালী ৰাখিবলৈ, তেওঁলোক দুয়োকে যথেষ্ট পৰিশ্ৰমৰ প্ৰয়োজন।নিজৰ ঘৰখন, সকলো সম্পৰ্ক এৰি অহা এগৰাকী মহিলাৰ বাবে স্বামী হৈছে তেওঁৰ সন্মান। সেয়ে যি কোনো পৰিস্থিতিতে স্বামী গৰাকীয়ে পত্নীৰ আত্মসন্মানত আঘাত কৰিব নালাগে।ইয়াৰ ফলত প্ৰায়ে ডাঙৰ বিতৰ্কৰ সৃষ্টি হ’ব পাৰে সেয়ে পত্নীৰ আগত এই কেইটা নকৰিব এই কেইটা কাম ।
শৰীৰৰ গঠনক লৈ ধেমালী–এজন স্বামীয়ে কেতিয়াও তেওঁৰ পত্নীৰ শাৰীৰিক গঠনক লৈ উপহাস কৰিব নালাগে, কাৰণ এগৰাকী মহিলাৰ বাবে ই অতি হৃদয়বিদাৰক আৰু লজ্জাজনক হ’ব পাৰে। ধেমালিতেও পত্নীক শকত, খীণ , ক’লা বা বগা বুলি কেতিয়াও মন্তব্য কৰিব নালাগে। কাৰণ তেনে কৰাটো কোনো মহিলাই ভাল নাপাই । আপোনাৰ এনে সৰু সৰু মন্তব্যৰ বাবে কেতিয়াবা সম্পৰ্কত ফাঁট মেলিব পাৰে।
আত্মীয়ৰ নাম লৈ ইতিকিং– আপোনাৰ পত্নীৰ পৰিয়ালৰ লোকসকলক কেতিয়াও ঋণাত্মকভাৱে তুলনা নকৰিব। এইটো প্ৰায়ে হয় যেতিয়া স্বামীয়ে পত্নীক তেওঁৰ আত্মীয়ৰ সৈতে তুলনা কৰি তাচ্ছিল্য কৰে যে পত্নীগাৰাকীও ঠিক তেওঁলোকৰ দৰে। এনেদৰে নেতিবাচক তুলনা কৰিলে স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্ক তিতা আৰু বিৰক্তিকৰ হ’ব পাৰে।
মাতৃৰ সৈতে তুলনা– প্ৰায় প্ৰতিজন স্বামীয়ে পত্নীক তেওঁৰ মাতৃৰ সৈতে জ্ঞাত বা অজ্ঞাতে তুলনা কৰে।কিন্তু বাৰে বাৰে কৰা তুলনাই আপোনাৰ পত্নীক খঙাল আৰু বিৰক্তিকৰ কৰিব পাৰে। মাতৃৰ হাতত খাদ্যৰ পৰা সন্তানক লালন-পালন কৰালৈকে কোনো ভুলত পত্নীক স্বামীয়ে তুলনা কৰা দেখিবলৈ পোৱা যায়। কিন্তু কোনো পত্নীয়ে এই কথাটো ভাল নাপায়।