মেষ ৰাশি:ঈশ্বৰ আজি আপোনাৰ প্ৰতি সদয় । আজি আপুনি সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব । কৰ্মক্ষেত্ৰত সফলতা লাভ । গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত । দাম্পত্য সুখ আৰু শান্তিৰ প্ৰবল সম্ভাৱনা । বন্ধুসকলৰ সৈতে আনন্দ-ফুৰ্তি কৰাৰ বাবে সৰু-সুৰা ভ্ৰমণৰ যোগ আছে । আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’বই হ’ব । আপোনাৰ প্ৰতিযোগী আৰু শত্ৰুসকলে আপোনাৰ পৰা দূৰত থাকিব পাৰে । আপোনাৰ সফলতা নিশ্চিত ।
বৃষ ৰাশি:আজি আপুনি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক অন্যথা আপুনি মানসিক অশান্তিত ভুগিব পাৰে ৷ আপুনি কষ্ট কৰিলেও আপোনাৰ কষ্টৰ ফল লাভত ব্যৰ্থ হ’ব ৷ সন্তানৰ বাবে চিন্তাত থাকিব লাগিব ৷ চৰকাৰী কাম-কাজত সফলতা লাভ কৰিব ৷ মাজে মাজে পেটৰ বিষত ভুগিব পাৰে ৷
মিথুন ৰাশি:আজি আপোনাৰ বাবে সৌভাগ্যই অপেক্ষা কৰি আছে । আপুনি বহুদিনৰে পৰা কোনো ধৰ্মীয় স্থানত বা তীৰ্থযাত্ৰাত যোৱাৰ কথা ভাবি আছে, আজি এই যাত্ৰা আৰম্ভ কৰাৰ বাবে বৰ ভাল দিন । বিদেশত যোৱাৰ কথা যিসকলে ভাবি আছে, তেওঁলোকৰ বাবে সময়টো অনুকূল । বিদেশত বাস কৰা প্ৰিয়লোকৰ পৰা সু-সংবাদ পাব পাৰে । আজি আপোনাৰ ভাই বা ভনীয়ে বিপদৰ পৰা আপোনাক উদ্ধাৰ কৰিব । আৰ্থিক দিশত সকলো বৰ ভালেই থাকিব ।
কৰ্কট ৰাশি: আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে তজবজীয়া অনুভৱ কৰিব । আজি আপুনি নিজক সুস্থ, সবল অনুভৱ কৰিব । আজি আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ আছে বাবে আৰ্থিক ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত ল’ব পাৰিব, যি আপোনাৰ বাবে অত্যন্ত ফলদায়ক হ’ব । ঘৰত আৰু কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব পাৰে ।
সিংহ ৰাশি:শৰীৰ আজি বৰ ভালে নাযাব ৷ মানসিক উদ্বিগ্নতা শৰীৰিক অসুস্থতাৰ কাৰণ হ’ব পাৰে ৷ ব্যৱসায়ত খেলি-মেলিৰ সৃষ্টি হ’ব ৷ আপোনাৰ ব্যৱহাৰ সলনি কৰক ৷ সাৱধানে সকলো কামত মনোনিবেশ কৰক ৷কৰ্ম আৰু পাৰিবাৰিক দিশত শুভ । সন্ধিয়া শনি মন্দিৰত চাকি ধূপ দিব পাৰে ।
কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ প্ৰভূত আনন্দ অপেক্ষা কৰি আছে । সাংসাৰিক দিশত আজিৰ দিনটো বৰ ভাল । ঘৰৰ পৰিৱেশ আনন্দমুখৰ হৈ থাকিব, যি আপোনাৰ অধিক আনন্দ প্ৰদান কৰিব । স্বাস্থ্য উত্তম, আৰু আপুনি অত্যধিক উজ্জীৱিত হৈ থাকিব । কৰ্মক্ষেত্ৰত আৰু ক্ৰীড়াক্ষেত্ৰত আপুনি সম্পূৰ্ণ ইতিবাচক হৈ থাকিব । কৰ্মক্ষেত্ৰত দিনটো অনুকূল আৰু অফিচত আপুনি সকলো কামত উৎকৰ্ষ সাধন কৰিব, আৰু সহকৰ্মীসকলৰ পৰা সহযোগিতাও পাব । আৰ্থিক লাভৰ যোগ আছে ।
তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সুখ আৰু লাভদায়ক । সকলো ক্ষেত্ৰৰপৰা সুযোগ-সুবিধা পাব আৰু লাভবান হ’ব । যাৰ ফলত আপোনাৰ মন ভালে থাকিব । লক্ষ্যণীয়ভাৱে আয়বৃদ্ধিৰ যোগ আছে । বন্ধুসকলৰ মনোৰঞ্জনৰ বাবে ব্যয় কৰিলে তাৰ প্ৰচুৰ লাভ পাব। ক’ৰবাত ফুৰিবলৈ গ’লে বা বনভোজনত গ’লে আজিৰ দিনটো অধিক স্মৰণীয় আৰু আনন্দদায়ক হৈ থাকিব । আপুনি যদি এতিয়া অবিবাহিত তেতিয়া হ’লে বিবাহৰ যোগ আছে ।
বৃশ্চিক ৰাশি: গ্ৰহৰ অৱস্থান আজি ভাল নহয় । আজি আপুনি বহুত চিন্তাত থাকিব, ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে । প্ৰতিপক্ষ বা শত্ৰুৰ সৈতে তৰ্কত নোসোমাব । কৰ্মক্ষেত্ৰত কোনো উচ্চপদাধিকাৰী বিষয়াই কোনো বিষয়ক লৈ নিজৰ অসন্তোষ ব্যক্ত কৰিব পাৰে । প্ৰিয়জনৰ সৈতে সুন্দৰ সময় কটাব ।
ধনু ৰাশি: গণেশৰ কৃপাত নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ চৰকাৰী কামত সফল হ’ব আৰু পুৰস্কৃত হ’ব ৷ প্ৰতিবেশী আৰু বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে ৷ মতধাৰা সলনি হ’ব ৷ টকা-পইচাৰ ক্ষেত্ৰত সাৱধান হওক ৷শিল্প কলাত পাৰদৰ্শিতা লাভ কৰিব । খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা ।
মকৰ ৰাশি: আজি আপোনাৰ আত্মবিশ্বাস সম্পূৰ্ণভাৱে বৃদ্ধি হ’ব ৷ যিকোনো কামৰ বাবে অতি সহজে সিদ্ধান্ত গ্ৰহণ কৰক ৷ আপুনি পিতৃ বা ডাঙৰৰ পৰা সহায় লাভ কৰিব ৷ সামাজিক মৰ্যদা বৃদ্ধি হ’ব ৷চাব যাতে কাৰো লগত অযথা কথাত কাজিয়াৰ সূত্ৰপাত নহয় ৷ আমদানি বৃদ্ধি হ’ব আৰু পদোন্নতি হ’ব পাৰে ৷
কুম্ভ ৰাশি: আপোনাৰ পাৰিবাৰিক জীৱন আজি অতি সুখকৰ হৈ উঠিব ৷ আজি সকলো কাম আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিব পাৰিব ৷ ভ্ৰমণৰ যোগ আছে ৷ ইজনে সিজনক কপোৰ বা আন উপহাৰ প্ৰদান কৰিব পাৰে ৷ পাৰিবাৰিক জীৱন সুখৰ হ’ব ৷ঘৰত সুখ শান্তিৰ পৰিবেশ থাকিব ৷চৰকাৰী কাম-কাজত সফলতা লাভ কৰিব
মীন ৰাশি:যোগাভ্যাস কৰক আৰু অলাগতিয়াল চিন্তাৰ পৰা আঁতৰি থাকক ৷ শৰীৰ বৰ ভালে নাযাব ৷ আপুনি কি খোৱা-বোৱা কৰিছে তাৰ প্ৰতি চকু ৰাখক ৷ খঙক আৰু বেয়া চিন্তাৰ পৰা নিজক মুক্ত ৰাখক ৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ আপুনাৰ অনুকুল নহ’ব ৷ এটা কথাত মন দিব যাতে আপোনাৰ অভিভাৱকৰ লগত যাতে কোনো বিৰোধিতা নহয় ৷