অনলাইন ট্ৰেডিং কেলেংকাৰিৰ হ’ব নতুন তদন্ত । ট্ৰেডিং কেলেংকাৰিৰ ৪২টা গোচৰৰ তদন্ত CBIৰ হাতত। আজিৰে পৰা আৰম্ভ হ’ল তদন্ত প্ৰক্ৰিয়া। CBIয়ে প্ৰথমে তদন্ত কৰিছে DB ষ্টক কেলেংকাৰিৰ। গড়চুকৰ CBIৰ কাৰ্যালয়লৈ তলব কৰিছে একাংশ ভুক্তভোগীক । লুণ্ঠনৰ সন্দৰ্ভত ভুক্তভোগীৰ পৰা CBIয়ে ল’ব সাক্ষ্য । বৰ্তমানো পলাতক অৱস্থাত আছে DB ষ্টক কেলেংকাৰীৰ মূল মাষ্টৰমাইণ্ড দীপাংকৰ বৰ্মন। জানিব পৰা মতে কাৰাগাৰতে বিশাল চুমীক জেৰা কৰিব CBIয়ে । ডিব্ৰুগড়লৈ ৰাওনা হৈছে CBI ৰ এটা দল । ৩৫২/২০২৪ নম্বৰৰ গোচৰটো চমজি লৈছে চিবিআইয়ে।