বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে অসম চুক্তিক আগুৱাই নিয়াৰ বাবে ১৯৮৫ চনত সংশোধনীৰ ৰূপত সন্নিৱিষ্ট কৰা নাগৰিকত্ব আইনৰ ৬(এ) ধাৰাৰ সাংবিধানিক বৈধতাক সমৰ্থন কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ সূৰ্য্যকান্ত, এম এম সুন্দ্ৰেশ, আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে সংখ্যাগৰিষ্ঠতাৰ ৰায়দান কৰাৰ বিপৰীতে জে বি পাৰ্দিৱালাই মতানৈক্যৰ ৰায়দান কৰে।
উচ্চতম ন্যায়ালয়ে ৪:১ সংখ্যাগৰিষ্ঠতাৰে ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰত অসমত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰা নাগৰিকত্ব আইন, ১৯৫৫ৰ ধাৰা ৬(এ)ৰ সাংবিধানিক বৈধতাক সমৰ্থন কৰে।
৭ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নাগৰিকত্ব আইন, ১৯৫৫ৰ ধাৰা ৬(এ)(২)ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা অনুপ্ৰৱেশকাৰীৰ সংখ্যা আৰু অবৈধ প্ৰব্ৰজন ৰোধৰ বাবে এতিয়ালৈকে কি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই সম্পৰ্কে তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। শপতনামাত উল্লেখ কৰা হৈছিল, ২০১৭-২০২২ চনৰ ভিতৰত ১৪,৩৪৬জন বিদেশী নাগৰিকক দেশৰ পৰা বিতাড়িত কৰা হৈছিল, আৰু ১৯৬৬-১৯৭১ চনৰ মাৰ্চ মাহৰ ভিতৰত অসমত প্ৰৱেশ কৰা ১৭,৮৬১ জন প্ৰব্ৰজনকাৰীক এই ব্যৱস্থাৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছিল। ১৯৬৬-১৯৭১ চনৰ ভিতৰত বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশত ৩২,৩৮১জন ব্যক্তিক বিদেশী ঘোষণা কৰা হৈছিল বুলিও উল্লেখ কৰা হৈছিল।
ইয়াৰ পূৰ্বে বিচাৰপীঠে কৈছিল যে, ১৯৭১ চনৰ বাংলাদেশ বিভক্তিৰ পিছত মানৱীয় ব্যৱস্থা হিচাপে ৬(এ) ধাৰা প্ৰণয়ন কৰা হৈছিল। ২০১৪ চনৰ ১৭ ডিচেম্বৰত অসমৰ নাগৰিকত্ব সম্পৰ্কীয় বিষয় এটা, পাঁচজন ন্যায়াধীশৰ সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰা হৈছিল। ২০১৭ চনৰ ১৯ এপ্ৰিলত শীৰ্ষ আদালতে এই গোচৰৰ শুনানিৰ বাবে বিচাৰপীঠ গঠন কৰে।
১৯৮৫ চনত ভাৰত চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদে আলোচনা কৰি অসম চুক্তিৰ খচৰা প্ৰস্তুত কৰে। অসম চুক্তিক আগবঢ়াই নিয়াৰ বাবে ১৯৮৫ চনৰ ডিচেম্বৰ মাহত এই আইনত ৬(এ) ধাৰাৰ সংযোজন কৰা হৈছিল। ৬(এ) ধাৰাত অসমত প্ৰব্ৰজনকাৰীক ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি দিয়াৰ বা প্ৰব্ৰজনৰ তাৰিখৰ ওপৰত ভিত্তি কৰি বহিষ্কাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছিল।
এই বিধানত উল্লেখ আছে, যিসকলে ১৯৬৬ চনৰ ১ জানুৱাৰী বা তাৰ পিছত, কিন্তু ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগতে বাংলাদেশকে ধৰি নিৰ্দিষ্ট ভূখণ্ডৰ পৰা অসমলৈ আহিছে আৰু তেতিয়াৰ পৰা অসমৰ বাসিন্দা, তেওঁলোকে নাগৰিকত্বৰ বাবে ১৮নং ধাৰাত পঞ্জীয়ন কৰিব লাগিব। সেয়ে এই বিধানত অসমত বাংলাদেশী প্ৰব্ৰজনকাৰীক নাগৰিকত্ব প্ৰদানৰ কাট অফ ডেট হিচাপে ১৯৭১ চনৰ ২৫ মাৰ্চ নিৰ্ধাৰণ কৰা হৈছে।
আবেদনকাৰীসকলে ২০১২ চনত ধাৰা ৬(এ)ক প্ৰত্যাহ্বান জনাইছিল আৰু যুক্তি দিছিল যে ধাৰা ৬(এ) বৈষম্যমূলক, স্বেচ্ছাচাৰী আৰু অবৈধ কাৰণ ইয়াত অসম আৰু ভাৰতৰ বাকী অংশত প্ৰৱেশ কৰা অবৈধ প্ৰব্ৰজনকাৰীক নিয়মীয়া কৰাৰ বাবে বিভিন্ন কাট অফ ডেটৰ ব্যৱস্থা কৰা হৈছে। সংবিধানৰ ৬ নং ধাৰাত উল্লেখ আছে যে ১৯৪৮ চনৰ ১৯ জুলাইৰ আগতে পাকিস্তানৰ পৰা প্ৰব্ৰজন কৰা যিকোনো ব্যক্তিক নাগৰিকত্ব প্ৰদান কৰা হ’ব। আবেদনকাৰীসকলে কয় যে, ৬(এ) ধাৰাত পৰোক্ষভাৱে এই সাংবিধানিক বিধান সংশোধন কৰা হৈছে, যুক্তি দি যে ১৯৬৬ চনৰ ১ জানুৱাৰীতো বাংলাদেশ পাকিস্তানৰ অংশ আছিল । তেওঁলোকে কয় যে, নাগৰিকত্ব প্ৰদানৰ বাবে নতুন কাট অফ ডেট সন্নিৱিষ্ট কৰিলে পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীৰ বাবে বৰ্তমানৰ কাট অফ ডেট উলংঘা হ’ব