শেহতীয়াকৈ হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ড সন্দৰ্ভত কানাডাৰ পদক্ষেপক লৈ ভাৰতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে আজিয়েই কানাডাৰ কূটনীতিবিদক তলব কৰিছিল । এই বৈঠকৰ অন্তত ভাৰতে কানাডাৰ পৰা নিজৰ কূটনীতিবিদসকলক ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে । ট্ৰুডো শাসনে শেহতীয়া তদন্তত ভাৰতীয় উচ্চায়ুক্ত সঞ্জয় কুমাৰ বাৰ্মাক ‘স্বাৰ্থৰ ব্যক্তি’ বুলি সংযুক্ত কৰিছিল, যাৰ ওপৰত ভাৰতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।
যোৱা বছৰ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰতৰ বিৰুদ্ধে কোনো প্ৰমাণ অবিহনে নিজ্জাৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু দাবী কৰিছিল যে ভাৰতে নিজ্জাৰক হত্যা কৰোৱাইছে । ভাৰতে ইয়াৰ প্ৰমাণ অহৰহ বিচাৰিছে যদিও ট্ৰুডো শাসনে এতিয়ালৈকে কোনো প্ৰমাণ দাখিল কৰা নাই ।