মুম্বাইত এন চি পি অজিত পাৱাৰ গোটৰ জ্যেষ্ঠ নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা । বাবা ছিদ্দিকীক তিনিটাকৈ গুলীয়ে আঘাত কৰে,তাৰ পিছত তেওঁক লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰা হয় । বান্দ্ৰা খেৰৱাড়ী চিগনেলত থকা তেওঁৰ কাৰ্যালয়ৰ সমীপত গুলীচালনা কৰা হয় । পৰৱৰ্তী সময়ত লীলাৱতী চিকিৎসালয়ত তেওঁৰ মৃত্যু হয় । মহাৰাষ্ট্ৰৰ ৰাজনীতিত বাবা ছিদ্দিকী এটা প্ৰভাৱশালী নাম । তেওঁ তিনিবাৰকৈ বিধায়কো হৈছিল ।
নিৰ্মল নগৰ থানাৰ অন্তৰ্গত বান্দ্ৰা ইষ্টত বাবা ছিদ্দিকীৰ ওপৰত গুলীচালনা কৰা হৈছিল । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ দল সেই স্থানত উপস্থিত হয় । এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে দুজন গুলীচালনাকাৰী । দুৰ্বৃত্তই ছিদ্দিকিক লক্ষ্য কৰি ৬ জাঁই গুলীচালনা কৰে, য’ত তিনিটা গুলীয়ে আঘাত কৰে তেওঁক ।
বাবা ছিদ্দিকিৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে বলীউড অভনেতা ছলমান খান লীলাৱতী হাস্পতালত উপস্থিত হয় । উল্লেখ্য যে ছলমান খান আৰু বাবা ছিদ্দিকিৰ মাজত গভীৰ বন্ধুত্বৰ সম্পৰ্ক আছে ।
আনহাতে বাবা চিদ্দিকীৰ হত্যাৰ পিছত শিৱসেনাই (ইউ বি টি) গোটে চৰকাৰক আক্ৰমণ কৰিছে । দলৰ মুখপাত্ৰ আনন্দ দুবেই কয় যে যদি “আমাৰ চহৰ মুম্বাইত প্ৰাক্তন বিধায়ক সুৰক্ষিত নহয়, যদি চৰকাৰৰ নেতা সুৰক্ষিত নহয়, তেন্তে এই চৰকাৰে সাধাৰণ লোকসকলক কেনেকৈ সুৰক্ষা দিব ? যদি তেওঁলোকে তেওঁলোকৰ বিধায়ক আৰু প্ৰাক্তন মন্ত্ৰীসকলক সুৰক্ষিত ৰাখিব নোৱাৰে, তেন্তে গৃহমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে পদত্যাগ কৰা উচিত ।”