আপোনাৰ কান্দি থকা সন্তানক নীৰৱ কৰিবলৈ, যদি আপুনি ফোনটো দেখুৱায় বা ফোনটো ধৰি আপুনি নিজৰ কামত ব্যস্ত হৈ পৰে, তেনেহ’লে আপোনাৰ বাবে আছে এটা বেয়া খবৰ। ৫ বছৰৰ তলৰ শিশুক স্মাৰ্টফোন বা স্ক্ৰীণ দেখাৰ ফলত দ্ৰুতগতিত বৃদ্ধি পাইছে চকুৰ ৰোগ।
চীন, জাপানকে ধৰি বহুতো পূব এছিয়াৰ দেশে ইতিমধ্যে এই গুৰুতৰ সমস্যাৰ সৈতে যুঁজি আছে। একে সময়তে, ভাৰতৰ পৰিস্থিতিও অধিক বেয়া হৈ আহিছে। এক ৰিপৰ্ট অনুসৰি ২০৫০চনলৈ, সমগ্ৰ বিশ্বৰ ৫০ শতাংশ লোক চকুৰ ৰোগ মায়োপিয়া বা দৃষ্টিশক্তিৰ বিকাৰত ভুগিব। পূব এছিয়াৰ দেশ যেনে চীন, জাপান আদিত, ৫ ৰ পৰা ১৫ বছৰ বয়সৰ ৮০ ৰ পৰা ৯০ শতাংশ শিশুৰ মায়োপিয়া আছে।
আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল যে বহুসময়ত শিশুৱে নাজানে যে তেওঁলোক অস্পষ্ট দেখিছে আৰু তেওঁলোকক চশমাৰ প্ৰয়োজন হৈছে। যাৰ বাবে তেওঁলোকৰ বিকাশটো যথেষ্ট সমস্যা হৈছে।
চকু বিশেষজ্ঞসকলে বিশ্বাস কৰে যে মায়োপিয়া হৈছে অতি কম বয়সতে হোৱা ৰোগ যি জীৱনজুৰি থাকে । গতিকে আপোনাৰ সন্তানক এতিয়াৰে পৰা মোবাইল দিয়া বন্ধ কৰক । অন্যথা আপুনি নিজেই বিপদ মাতিব সন্তানৰ ।