টেনিছত সমাপ্তি ঘটিল আন এটা যুগৰ । বৃহস্পতিবাৰে (১০ অক্টোবৰ) অনুৰাগীসকলৰ বাবে এটা হতাশাজনক খবৰ ওলাইছে । ২২ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ৰাফেল নাডালে অৱসৰ ঘোষণা কৰিছে । এই ছিজনটোৱেই হ’ব তেওঁৰ অন্তিম ছিজন ।
মাত্ৰ ৪ বছৰ পূৰ্বে ছুইজাৰলেণ্ডৰ মহান টেনিছ খেলুৱৈ ৰজাৰ ফেডাৰেৰে অৱসৰ গ্ৰহণ কৰিছিল । এতিয়া নাডালেও খেলৰ পৰা বিদায় লৈছে । ফেডাৰেৰে ২০টা গ্ৰেণ্ড শ্লেম খিতাপ লাভ কৰিছিল । এই তালিকাত দ্বিতীয় স্থানত আছে নাডাল ।
ডেভিছ কাপৰ ফাইনেলত নামিব নাডাল-
সৰ্বাধিক গ্ৰেণ্ড শ্লেম জয়ৰ ক্ষেত্ৰত ছাৰ্বিয়াৰ নোভাক জ’কভিচে এতিয়ালৈকে সৰ্বাধিক ২৪টা গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰিছে । ৩৮ বছৰীয়া নাডালে এটা ভিডিঅ’ মেছেজ শ্বেয়াৰ কৰিছে । ইয়াৰ জৰিয়তে তেওঁ অৱসৰৰ কথা ঘোষণা কৰে ।
চলিত বৰ্ষৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ডেভিছ কাপৰ ফাইনেলত তেওঁ খেলিব বুলি নাডালে জনাইছে । এই প্ৰতিযোগিতাত তেওঁ নিজৰ দেশ স্পেইনক প্ৰতিনিধিত্ব কৰিব । এইবাৰ স্পেইনৰ মালাগাত অনুষ্ঠিত হ’ব ডেভিছ কাপৰ ফাইনেল ।
ছ’চিয়েল মিডিয়াৰ জৰিয়তে অৱসৰৰ কথা ঘোষণা কৰিলে নাডালে । তেওঁ ইনষ্টাগ্ৰামতো এটা পোষ্ট শ্বেয়াৰ কৰিছে । ইয়াত তেওঁ শেহতীয়া সংগ্ৰাম আৰু ক্ৰীড়াই তেওঁৰ শৰীৰত পেলোৱা শাৰীৰিক প্ৰভাৱৰ বিষয়ে কয় ।