আজি গাজাত চলি থকা যুদ্ধৰ এবছৰ সম্পূৰ্ণ হ’ল।যোৱা বছৰ ৭ অক্টোবৰত হামাছে আকাশ, স্থল আৰু পানীৰ পৰা আক্ৰমণ কৰি ইজৰাইলক সন্ত্ৰাস চলাইছিল।ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে ৮ অক্টোবৰৰ পৰা গাজাত হামাছৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা আৰম্ভ কৰে, য’ত এতিয়ালৈকে ৪১ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে।
আজিৰ দিনটোতে হামাছে ইজৰাইলক আটাইতকৈ ডাঙৰ আক্ৰমণ কৰিছিল। ইজৰাইলৰ ইতিহাসৰ অন্যতম মাৰাত্মক আক্ৰমণ বুলি গণ্য কৰা হয় এই আক্ৰমণক। হামাছে প্ৰথমে দক্ষিণ ইজৰাইলত হাজাৰ হাজাৰ ৰকেট নিক্ষেপ কৰিছিল আৰু তাৰ পিছত বিমানে পেৰাচুটৰ জৰিয়তে সীমান্ত অতিক্ৰম কৰি ইজৰাইলৰ সীমান্তত প্ৰৱেশ কৰিছিল।
ইজৰাইলৰ মতে, এই আক্ৰমণত প্ৰায় ১২০০ ইজৰাইলীৰ মৃত্যু হোৱাৰ বিপৰীতে হামাছৰ ২৫১জন লোকক পণবন্দী কৰি লৈছিল।হামাছে মহিলা আৰু শিশুক নৃশংসভাৱে আক্ৰমণ কৰিছিল।দাবী কৰা হৈছে যে ইজৰাইলে হামাছৰ পৰা এনে কোনো আক্ৰমণৰ আশা কৰা নাছিল, চোৰাংচোৱা সংস্থা শ্বিন বেট আৰু বিদেশী চোৰাংচোৱা সংস্থা মোছাদ দুয়োটাই হামাছে আক্ৰমণৰ পৰিকল্পনা কৰাৰ বিষয়ে অজ্ঞাত আছিল।
৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত প্ৰায় ২০০০ ৰকেট নিক্ষেপ কৰিছিল, এই আক্ৰমণ পুৱা প্ৰায় ৭ বজাত সংঘটিত হৈছিল। ইজৰাইল আৰু পেলেষ্টাইন সীমান্তৰ ওচৰৰ কিবুটজ ৰিম চহৰত চলি আছিল নোভা মিউজিক ফেষ্টিভেল, ইয়াক উপভোগ কৰিবলৈ বৃহৎ সংখ্যক ইজৰাইলী গোট খাইছিল।কিন্তু হামাছৰ এই হঠাৎ আক্ৰমণে বিশৃংখলতাৰ সৃষ্টি কৰিলে। ইফালে হামাছে পেৰাচুট আৰু বাইক ব্যৱহাৰ কৰি ইজৰাইল সীমান্তত প্ৰৱেশ কৰি নিৰ্বিচাৰে গুলীচালনা কৰে। এই আক্ৰমণত প্ৰায় ১২০০ লোকৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে।