এইবাৰ ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।মহিলাক কৰ্মসংস্থাপনৰ প্ৰলোভন দি মতিউৰ ৰহমান আৰু ইমান আলীৰ ভয়ংকৰ কাণ্ড । বহিঃৰাষ্ট্ৰত কৰ্মসংস্থাপন দিয়াৰ নামত বৃহত জাল । প্ৰথমতে মহিলাক কৰ্ম সংস্থাপন দিম বুলি প্ৰলোভন দি বহিঃৰাষ্ট্ৰত বিক্ৰী কৰাৰ অভিযোগ । বহিঃৰাষ্ট্ৰত কৰ্ম সংস্থাপন দিয়াৰ নামত একাংশই চলাই আছে প্ৰৱঞ্চনা । মুম্বাইত কৰ্ম সংস্থাপন দিয়াৰ কথা কৈ বিক্ৰী কৰে ওমানত অসমৰ মহিলাক বিক্ৰী কৰাৰ অভিযোগ । শ শ মহিলাৰ জীৱনৰ লগত খেলা কৰি বৃহত প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ অভিযোগ । জুৰীয়াৰ এগৰাকী মহিলাই ভিডিঅ’যোগে এই ভয়ংকৰ তথ্য পোহৰলৈ অনাৰ পিছতেই সৰহৱ হৈ পৰিছে আৰক্ষী-প্ৰশাসন । উত্তৰ নগাঁৱৰ শ-শ মহিলাৰ জীৱন লৈ খেলা কৰি আটক দুই প্ৰৱঞ্চক । ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাৰ পিছতেই দুই প্ৰৱঞ্চকক আটক কৰে আৰক্ষীয়ে।ধৃত মতিউৰ ৰহমান আৰু ইমান আলী বৰ্তমান আৰক্ষীৰ জালত । দুই প্ৰৱঞ্চকক আৰক্ষীৰ সোধ পোছ অব্যাহত । ৰাজ্যত এনেধৰণৰ প্ৰৱঞ্চকক বিচাৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।