নেৰানেপেৰা বৰষুণৰ মাজতে ৰাজ্যত আহিনমহীয়া বানৰ তাণ্ডৱ । দুৰ্গোৎসৱৰ প্ৰাকমূহুৰ্তত এতিয়া বলিয়া বানে প্লাবিত কৰিছে শ শ বাসগৃহ, উটুৱাই নিছে বাট-পথ ।
গোৱালপাৰাৰ মাটিয়াৰ বামুণপাৰাত এতিয়া বানৰ বিভিষীকা । দুধনৈ নৈৰ মথাউৰিৰ দুটা অংশ ভাঙি প্লাৱিত হৈছে শ-শ বাসগৃহ । জলবন্দী হৈ পৰিছে অঞ্চলটোৰ হাজাৰ হাজাৰ লোক । বাঢ়নী পানীৰ কোবাল সোঁতে উটুৱাই নিলে নন্দেশ্বৰ-দৰংগিৰি গড়কাপ্তানি পথ ।
গড়কাপ্তানি পথছোৱা বানে উটুৱাই নিয়াৰ ফলত বিপদ সংকুলভাৱে যাতায়ত কৰিবলগা হ’বলগীয়া ৰাইজে । প্ৰায় ১ কিঃমিঃ পথৰ ওপৰেৰে বাগৰিছে বাঢ়নী পানী । হঠাতে অহা বানে এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে বামুণপাৰা, নন্দেশ্বৰত । বানৰ বাবে ঘৰৰ বয়-বস্তু আৰু পশুধনৰ ব্যাপক ক্ষতি হোৱা পৰিলক্ষিত হৈছে ।
নিশা ২ বজাৰ পৰা অঞ্চলটোলৈ হঠাতে মেঘালয়ৰ পৰা নামি আহে পানীৰ ঢল ।ইতিমধ্যে বান পীড়িত অঞ্চলটোত এছ ডি আৰ এফ উপস্থিত হৈ উদ্ধাৰ কৰিছে কিছু লোকক । ইফালে বৰ্তমানলৈকে জিলা প্ৰশাসনৰ লোক অঞ্চলটোত উপস্থিত হোৱা নাই বুলি ক্ষোভ উজাৰিছে বানপীড়িতই ।