যিকোনো বেংকৰ শাখাত ধন থোৱাৰ আগত সাৱধান হওক । নহ’লে আপুনিও হেৰুৱাব পাৰে আপোনাৰ কষ্টৰ ধন । গাওঁখনত আৰম্ভ হৈছিল SBI ৰ এটা শাখা । গাওঁখনৰে বহু লোকৰ পৰা ধন লৈ দিছিল নিযুক্তি পত্ৰ । বহু লোকে একাউণ্ট খুলি থৈছিল ধন । কিন্তু এজন ব্যক্তিয়ে এটা একাউণ্ট খুলিবলৈ আহি সন্দেহ হ’ল কৰ্মচাৰী সকলৰ ওপৰত । তাৰ পিছতেই খবৰ দিলে আৰক্ষীক । আৰক্ষী আহি পোৱাতহে জানিব পাৰিলে যে SBIৰ সেই শাখাটো আছিল ভুৱা। এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ সক্তি জিলাত।বহু লোকৰ পৰা লাখ লাখ লৈ ইতিমধ্যে পলায়ন কৰিছে শাখাটোৰ মেনেজাৰ গৰাকী । বেংকৰ শাখা খুলি লাখ লাখ লোকক প্ৰতাৰণা কৰাক বাবে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।