জাৰ্মানী, ফ্ৰান্স, ছুইডেন আৰু চীনৰ পিছতে অতি শীঘ্ৰেই হাইড্ৰ’জেন ইন্ধন চালিত ৰে’ল চলোৱা পঞ্চমখন দেশ হিচাপে পৰিগণিত হ’ব ভাৰত । ভাৰতীয় ৰে’লৱেই বৰ্তমানৰ ডিজেল ইলেক্ট্ৰিক মাল্টিপল ইউনিট (DEMU) ৰে’লত হাইড্ৰ’জেন ইন্ধন চেল পুনৰ সংস্থাপনৰ বাবে পাইলট প্ৰজেক্টৰ লগতে প্ৰয়োজনীয় আন্তঃগাঁথনিত অনুমোদন জনাইছে ।
হাইড্ৰজেন-ইন্ধনযুক্ত ৰে’লখনৰ প্ৰথমটো প্ৰটোটাইপ ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত উত্তৰ ৰে’ল জ’নৰ অন্তৰ্গত হাৰিয়ানাৰ জিন্দ-শোণিপত শাখাত চলিবলৈ সাজু হৈছে । সূত্ৰ অনুসৰি চেন্নাইৰ ইণ্টিগ্ৰেল কোচ ফেক্টৰীত প্ৰটোটাইপ ৰে’লখনৰ একত্ৰীকৰণ চলি আছে । ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ব্যক্তিগতভাৱে এই পৰিৱেশ-অনুকূল ৰে’ল প্ৰকল্পৰ তত্বাৱধান কৰি আছে, সূত্ৰই জনায় ।
ট্ৰায়েলৰ অন্তত হাইড্ৰ’জেন ফৰ হেৰিটেজ পদক্ষেপৰ অধীনত ৰে’লৱেই ৩৫খন হাইড্ৰ’জেন ৰে’ল প্ৰৱৰ্তন কৰিব, । প্ৰতিখন ৰে’লৰ বাবে ৮০ কোটিতকৈ অধিক আৰু বিভিন্ন ঐতিহ্য আৰু পাহাৰীয়া পথৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৭০ কোটি টকা বিনিয়োগ কৰিব ভাৰতীয় ৰে’লৱেই ।
হাইড্ৰ’জেন ৰে’ল প্ৰৱৰ্তনৰ বাবে লক্ষ্য কৰি লোৱা ঐতিহ্যমণ্ডিত পথসমূহৰ ভিতৰত মাথেৰান-হিল ৰে’লৱে, দাৰ্জিলিং হিমালয়ান ৰে’লৱে, কলকা-চিমলা ৰে’লৱে, কাংগৰা উপত্যকা আৰু নীলগিৰি মাউণ্টেন ৰে’লৱে আদি আছে বুলি ৰে’লৱেৰ সূত্ৰই জনায়। এই সম্পৰীক্ষা সফলতাৰে সম্পূৰ্ণ হ’লে আগন্তুক তিনি বছৰৰ ভিতৰত এই পথসমূহ কাৰ্যক্ষম হ’ব, ভাৰতৰ চহকী সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হ’ব বুলিও সূত্ৰত প্ৰকাশ ।
উল্লেখ্য যে্, এক পৰিষ্কাৰ ইন্ধন হোৱাৰ বাবে, হাইড্ৰজেনে সেউজ পৰিবহন প্ৰযুক্তি সলনি কৰিব পাৰে আৰু ভাৰতৰ শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্যক সমৰ্থন কৰিব পাৰে ।