১১৭৮ ফুট উচ্চতাৰ চেনাব দলং…ঘণ্টাত ১১০ কিলোমিটাৰ বেগত চলিল ৰে’ল

জম্মু-শ্ৰীনগৰ ৰে’ল লাইন শীঘ্ৰে কাৰ্যক্ষম হ’বলৈ সাজু হৈছে । কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এক্সৰ এটা পোষ্টত এই তথ্য প্ৰকাশ কৰিছে । দৰাচলতে আটাইতকৈ প্ৰত্যাহ্বানজনক কাটৰা-বেনিহাল ট্ৰেকত ট্ৰায়েল ট্ৰেইনখনৰ সফল পৰীক্ষণ হৈছে । বিশেষ কথাটো হ’ল ১১০০ ফুটতকৈও অধিক উচ্চতাৰ চেনাব দলঙত এই ৰে’লখন ঘণ্টাত ১১০ কিলোমিটাৰ বেগত চলিছিল । এই সফল পৰীক্ষাৰ তথ্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে শ্বেয়াৰ কৰিছে ।

ৰেল পথত শেষৰটো ট্ৰায়েল ৰান সফল-

চি আৰ এছ দীনেশ চান্দ দেশৱালৰ মতে, কাটৰ পৰা বেনিহাললৈ এই ৰে’লপথটো প্ৰত্যাহ্বানৰে ভৰপূৰ । এইটো ১৮০ ডিগ্ৰী ক্লাইম্বিং ট্ৰেক যদিও ইয়াত ট্ৰায়েল ট্ৰেইনখনৰ সফলতাৰে পৰীক্ষা কৰা হৈছে । বুধবাৰে এই ৰে’লখনে পুৱা ১০:৩০ বজাত কাটৰা ষ্টেচনৰ পৰা ওলাই মাত্ৰ ডেৰ ঘণ্টাৰ ভিতৰতে তীব্ৰ বেগেৰে বেনিহাল ষ্টেচনত উপস্থিত হয় । এই ট্ৰেকত এইটোৱেই আছিল শেষৰটো ট্ৰায়েল ৰাণ, যিটো সফল হয় । তেওঁ কয় যে কাশ্মীৰলৈ পোনপটীয়া ৰে’ল সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে সকলো ট্ৰায়েল ৰানৰ পৰা সংগ্ৰহ কৰা তথ্য বিশ্লেষণ কৰা হ’ব ।

ৰে’লমন্ত্ৰীয়ে ক’লে এই কথা-

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেশৰ আটাইতকৈ ওখ দলঙত চলি থকা এই পৰীক্ষামূলক ৰে’লৰ ভিডিঅ’ শ্বেয়াৰ কৰি নিজৰ টুইটাৰ একাউণ্টত এটা ভিডিঅ’ পোষ্ট কৰিছে । এই পোষ্টটোত তেওঁ লিখিছে, ‘চেনাব দলঙত ঘণ্টাত ১১০ কিলোমিটাৰ বেগত ট্ৰায়েল ট্ৰেইনৰ সফল পৰীক্ষা, সঁচাকৈয়ে এয়া এক ঐতিহাসিক দিন । শীঘ্ৰে কাৰ্যক্ষম হ’বলৈ সাজু হৈছে জম্মু-শ্ৰীনগৰ ৰে’লপথ ।‘

ৰে’ল মন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ভিডিঅ’ পোষ্টটোত এই দলঙৰ মাজেৰে ৰে’লখন তীব্ৰ বেগেৰে পাৰ হোৱা দেখা গৈছে । এই ৰে’লখনৰ গতিবেগ আছিল ঘণ্টাত ১১০ কিলোমিটাৰ । ইয়াৰ পিছতে কাশ্মীৰ আৰু দেশৰ বাকী অংশৰ মাজত প্ৰত্যক্ষ ৰেল সেৱা আগতীয়াকৈ আৰম্ভ হোৱাৰ আশা বাঢ়িছে । কেৱল চেনাব দলঙেই নহয়, এই ৰে’লপথৰ অঞ্জি খাদ্দ দলঙো প্ৰত্যাহ্বানমূলক, য’ত এই ৰে’লখন একে গতিৰে চলা দেখা গৈছিল । উল্লেখ্য যে চেনাব দলং দেশৰ সৰ্বোচ্চ তথা ওখ দলঙৰ শীৰ্ষত আছে আৰু সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৩৫৯ মিটাৰ বা ১১৭৮ ফুট আৰু দৈৰ্ঘ্য ১৩১৫ মিটাৰ (৪,৩১৪ ফুট) । ই ৩২৪ মিটাৰ উচ্চতাৰ পেৰিছৰ আইফেল টাৱাৰতকৈও ওখ । ইয়াৰ আনুমানিক ব্যয় ১৪,০০০ কোটি টকা ।

যোৱা মাহত ৰে’লপথত ৬টা ট্ৰায়েল ৰাণ-

উল্লেখযোগ্য যে বুধবাৰে কাটৰা-বেনিহাল ট্ৰেকত চূড়ান্ত ট্ৰায়েল ৰাণৰ পূৰ্বে যোৱা মাহত বিভিন্ন ছেকচনত মুঠ ৬টা ট্ৰায়েল ৰাণ সম্পূৰ্ণ হৈছিল । অৱশ্যে উত্তৰ চক্ৰৰ ৰে’ল সুৰক্ষা আয়ুক্ত দীনেশ চান্দ দেশৱালে কেতিয়া ৰে’ল সেৱা আৰম্ভ কৰিব পাৰি সেই সন্দৰ্ভত কোনো তথ্য দিয়া নাই যদিও তেওঁৰ মতে এতিয়ালৈকে সকলো পৰীক্ষা সন্তোষজনক হৈছে ।

ভাৰতীয় ৰে’লৱেই সৃষ্টি কৰিলে নতুন ইতিহাস, প্ৰথমখন কেবল দলঙৰ সফল পৰীক্ষণ

ভাৰতীয় ৰে’লৱেই বিশ্বৰ প্ৰথমখন কেবল দলং সফলতাৰে পৰীক্ষা কৰি ইতিহাস সৃষ্টি কৰিছে । এই সফল পৰীক্ষাৰ জৰিয়তে ভাৰতীয় ৰে’লৱে এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । জম্মু-কাশ্মীৰৰ অঞ্জি অংশত নিৰ্মাণ কৰা দেশৰ প্ৰথমখন একমাত্ৰ ষ্টে দলঙৰ লোড টেষ্ট কৰা হয় । এই কৃতিত্ব ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা থকা জম্মু-কাশ্মীৰৰ ৰে’ল সংযোগ বৃদ্ধিৰ দিশত এক বৃহৎ পদক্ষেপ ।

ৰে’ল মন্ত্ৰালয়ৰ মতে, “উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’লৱে লিংক প্ৰকল্পৰ এটা প্ৰধান উপাদান অঞ্জি খাদ দলঙৰ পৰীক্ষামূলক ৰান সফলতাৰে সম্পূৰ্ণ হৈছে ।”

যোৱা মাহত সম্পূৰ্ণ হোৱা অঞ্জি খাদ দলংখন অভিযান্ত্ৰিক আশ্চৰ্য, য’ত এটা চাপৰ্ট টাৱাৰ গাঁথনি নদীৰ তলৰ পৰা ৩৩১ মিটাৰ ওপৰত আছে । ই পাৰ্শ্বীয় আৰু কেন্দ্ৰীয় স্পেনত ৪৮টা কেবলৰ দ্বাৰা সমৰ্থিত আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য ৪৭৩.২৫ মিটাৰ । দীঘলীয়া দলংখন ১২০ মিটাৰ দৈৰ্ঘৰ, আনহাতে কেন্দ্ৰীয় বেষ্টনীটো ৯৪.২৫ মিটাৰ পৰ্যন্ত বিস্তৃত ।

ই চেনাব দলঙৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ৰেল দলং, যি হৈছে নদীৰ তলৰ পৰা ৩৫৯ মিটাৰ উচ্চতাত বিশ্বৰ সৰ্বোচ্চ দলং । দুয়োখন দলং জম্মু আৰু কাশ্মীৰত সংযোগ বৃদ্ধিৰ লক্ষ্যৰে উচ্চাভিলাষী ইউ এছ বি আৰ এল প্ৰকল্পৰ অংশ । ইউ এছ বি আৰ এল প্ৰকল্পটো ২৭২ কিলোমিটাৰ বিস্তৃত, যাৰ ভিতৰত ২৫৫ কিলোমিটাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে ।

বিশেষত্ব কি ?

কাটৰা আৰু ৰিয়াচীৰ মাজৰ বাকী অংশ চলিত মাহৰ শেষৰ ফালে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । উধামপুৰ–শ্ৰীনগৰ–বাৰামুল্লা ৰেল লিংক (USBRL) হৈছে জম্মু-কাশ্মীৰক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা ২৭২ কিলোমিটাৰ দৈৰ্ঘৰ ৰেল প্ৰকল্প । এই প্ৰকল্পৰ জৰিয়তে শ্ৰীনগৰ আৰু জম্মুৰ মাজত যাত্ৰাৰ সময় ছয় ঘণ্টাৰ পৰা ৩.৫ ঘণ্টালৈ হ্ৰাস পাব । চৰম উষ্ণতা, বৃহৎ ভূমিকম্পৰ অঞ্চল আৰু দুৰ্গম ভূখণ্ডৰ দৰে প্ৰাকৃতিক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি নিৰ্মাণ কৰা হৈছে এই দলং । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানুৱাৰী ২০২৫ত কাশ্মীৰ আৰু দিল্লীৰ মাজত যাত্ৰা কৰিবলগীয়া যাত্ৰীসকলৰ বাবে দ্ৰুত সংযোগ প্ৰদান কৰা বন্দে ভাৰত ৰেল সেৱা মুকলি কৰিব ।