পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত যুদ্ধৰ সন্দৰ্ভত শেহতীয়াকৈ পাকিস্তানী নেতাসকলক লক্ষ্য কৰি এআইএমআইএমৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে তীব্ৰ সমালোচনা কৰিছে যে, ‘পাকিস্তানে আজে-বাজে কথা কয়, তেওঁলোকে ইছলাম কি নাজানে। জনা হ’লে ইমান গুৰুতৰ অপৰাধ সংঘটিত নকৰিলোহেঁতেন’।
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি বিহাৰৰ বাহাদুৰগঞ্জত ৰাজহুৱা সভাত ভাষণ দি তেওঁ কয়, ‘এই সন্ত্ৰাসবাদীয়ে বিবাহৰ মাত্ৰ ৬ দিনৰ পিছতেই হিমাংশীৰ স্বামীক হত্যা কৰিছিল’।
‘তেওঁলোকে আমাৰ ছোৱালীজনীৰ জীৱন ধ্বংস কৰিলে।তথাপিও তেওঁলোকৰ দুখতো, হিমাংশীয়ে কৈছিল যে তেওঁ নিবিচাৰে যে এই ট্ৰেজেডীৰ কাৰণে আমাৰ দেশত মুছলমান বা কাশ্মীৰীৰ প্ৰতি ঘৃণাৰ সৃষ্টি হোৱাটো’।
‘আশা কৰো কেন্দ্ৰীয় চৰকাৰে তেওঁৰ কথা মনত ৰাখিব।সেই সকল লোকেই ঘৃণে বিয়পাইছে, যিয়ে সন্ত্ৰাসবাদীক সন্তুষ্টি দিছে’।
‘ভাৰতে একত্ৰিত হোৱাৰ সময় আহি পৰিছে আৰু ভয় বা পক্ষপাতিত্বৰ দ্বাৰা বিভাজিত নহয়, শক্তিৰ সৈতে মিলি সন্ত্ৰাসবাদী শক্তিক পৰাস্ত কৰাৰ সময় আহি পৰিছে।’
চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক ব্যৰ্থ দেশ বুলি অভিহিত কৰি ওৱাইছিয়ে তীব্ৰ সমালোচনা কৰে।উচটনিমূলক বক্তব্য দিয়াৰ বাবে পৰিচিত পাকিস্তান সেনাৰ মুৰব্বী জেনেৰেল অসীম মুনিৰক প্ৰত্যাহ্বান জনাই ওৱাইছিয়ে কৈছে যে, ‘ভাৰতীয় মুছলমানসকলে ১৯৪৭ চনত বিভাজনৰ সময়ত ইয়াত থাকিবলৈ সিদ্ধান্ত লৈছিল’।
‘মই তেওঁক (অসীম মুনীৰ) ক’ব বিচাৰো যে আমি ১৯৪৭ চনত সিদ্ধান্ত লৈছিলো যে আমি ভাৰত এৰি নাযাওঁ, আমি (মহম্মদ আলী) জিন্নাৰ বাৰ্তা নাকচ কৰিলোঁ’।
‘ভাৰত আমাৰ ভূমি আছিল, ই আমাৰ ভূমি আৰু ইনশ্বা আল্লাহ, ই আমাৰ ভূমি হৈয়েই থাকিব।গতিকে পাকিস্তানৰ সেইসকল লোকে আজে বাজে কথা কৈছে, মই তেওঁলোকক ক’ব বিচাৰো যে আপোনালোকে ইছলাম কি নাজানে, আপুনি ইছলামৰ শিক্ষাৰ পৰা বঞ্চিত’।