দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে জাপানে নিজৰ প্ৰতিৰক্ষা নীতিত আক্ৰমণাত্মক আৰু প্ৰযুক্তিগত পৰিৱৰ্তনৰ দিশত আগবাঢ়িছে।
শেহতীয়াকৈ জাপানে নিজৰ নৌসেনাৰ পৰীক্ষামূলক জাহাজ জে এছ আছুকাত ইলেক্ট্ৰ’মেগনেটিক ৰেলগানৰ সাগৰীয় পৰীক্ষা সফলতাৰে চলাইছে।
এই পৰীক্ষণ কেৱল কাৰিকৰী দৃষ্টিকোণৰ পৰাই নহয়,কিন্তু ই এছিয়া-পেচিফিক অঞ্চলৰ কৌশলগত পৰিস্থিতিও সলনি কৰিব পাৰে।
ৰেলগান হৈছে বিদ্যুৎচুম্বকীয় অস্ত্ৰ ব্যৱস্থা, যিয়ে গতানুগতিক বন্দুকৰ দৰে বিস্ফোৰক ব্যৱহাৰ নকৰে, বৰঞ্চ ই বিদ্যুৎচুম্বকীয় বল ব্যৱহাৰ কৰি প্ৰজেক্টাইলটোক অতি তীব্ৰ বেগত গুলিয়াই দিয়ে।
ইয়াৰ গতিবেগ ২,৫০০ মিটাৰ প্ৰতি ছেকেণ্ড। প্ৰজেক্টাইলটোৰ ওজন ৩২০ গ্ৰাম। ইয়াৰ গতি শব্দতকৈ ৬.৫ গুণ বেছি।
দৈৰ্ঘ্য ২০ ফুট আৰু ওজন প্ৰায় ৮ টন।এই ব্যৱস্থাই হাইপাৰছ’নিক মিছাইল আৰু তীব্ৰবেগী যুঁজাৰু বিমানকো লক্ষ্য কৰি ল’ব পাৰে।
জাপানে ৰেলগান পৰীক্ষা কৰাৰ সময়তে, চীন আৰু উত্তৰ কোৰিয়াৰ উদ্বেগ বৃদ্ধি পাইছে ।ইয়াৰ কাৰণ হ’ল যে এই অস্ত্ৰটো গতানুগতিক প্ৰতিৰক্ষা ব্যৱস্থাতকৈ বহু বেছি দ্ৰুত, ই সঠিক আৰু ফলপ্ৰসূ হয়।
বিশেষজ্ঞসকলৰ মতে, জাপানৰ এই প্ৰযুক্তি চীনৰ হাইপাৰছ’নিক মিছাইল ক্ষমতাৰ বাবে ই এক ডাঙৰ বিপদ হৈ পৰিব পাৰে।
চীনৰ এজন প্ৰাক্তন সেনা প্ৰশিক্ষকে এই অস্ত্ৰক “আক্ৰমণাত্মক কৌশলৰ আৰম্ভণি” বুলি কৈছে।তেওঁ সকীয়াই দিয়ে যে জাপানৰ এই পদক্ষেপত এছিয়াৰ বাকী অংশৰ বাবেও কৌশলগত উত্তেজনা বৃদ্ধি পাব পাৰে।
জাপানে ২০১৬ চনৰ পৰা এই প্ৰযুক্তিৰ ওপৰত কাম আৰম্ভ কৰিছিল।আমেৰিকাইও এই প্ৰকল্পত কাম আৰম্ভ কৰিছিল, কিন্তু ২০২১ চনত ইয়াক মাজ বাটত এৰি দিয়া হৈছিল।
এই ক্ষেত্ৰত চীনেও এতিয়ালৈকে সফল হোৱা নাই আৰু তেওঁলোকে এতিয়াও ইয়াৰ ওপৰত কাম কৰি আছে।গতিকে জাপানৰ এই সফলতাই বিশ্ব সামৰিক প্ৰযুক্তিৰ দৌৰত ইয়াক নিৰ্ণায়ক প্ৰান্ত দিব পাৰে।