এক প্ৰতিবেদন অনুসৰি এজন প্ৰাপ্তবয়স্ক পুৰুষৰ হিমোগ্লবিনৰ স্তৰ ১৪ৰ পৰা ১৮ মিগ্ৰা/ডিএলৰ ভিতৰত হ’ব লাগে।যদি আপোনাৰ শৰীৰৰ হিমোগ্লবিনৰ স্তৰ ইয়াতকৈ কম হয়, আপুনি স্বাস্থ্য সম্পৰ্কীয় কেইবাটাও সমস্যাৰ প্ৰতি সংবেদনশীল হ’ব পাৰে। পুৰুষৰ নিম্ন হিমোগ্লবিনৰ কাৰণবোৰৰ জানো আহক।
হিমোগ্লোবিনৰ কম হোৱা কাৰণ
যদি আপোনাৰ শৰীৰে কম লোহিত ৰক্ত কণিকা প্ৰস্তুত কৰে, তেনেহলে আপোনাৰ হিমোগ্লবিন স্বাভাৱিকতকৈ কম হ’ব পাৰে।
মন কৰিব লগীয়া যে আয়ৰণ, বি১২, আৰু বি৯ ৰ দৰে উপাদানৰ অভাৱৰ ফলত হিমোগ্লবিনৰ স্তৰ নিম্ন হ’ব পাৰে। আঘাত, আলচাৰ, বা মলাশয়ৰ কৰ্কটৰোগৰ দৰে স্থিতিৰ ফলত হিমোগ্লবিনৰ স্তৰ কম হ’ব পাৰে।যদি শৰীৰৰ আয়ৰণ শোষণ কৰাৰ ক্ষমতা হ্ৰাস হয়, তেতিয়াও হিমোগ্লোবিনৰ স্তৰও হ্ৰাস হ’ব পাৰে।
যদি আপুনি সময়মতে হিমোগ্লবিনৰ স্তৰ স্বাভাৱিক নকৰে, তেনেহলে আপোনাৰ স্বাস্থ্য গুৰুতৰভাৱে প্ৰভাৱিত হ’ব পাৰে। ভাগৰ, শেঁতা ছাল, মূৰ ঘূৰোৱা, এনে লক্ষণবোৰে হিমোগ্লবিনৰ স্তৰ কম হোৱা সূচিত কৰিব পাৰে।
উশাহ লোৱাত অসুবিধা, বুকুৰ বিষ, হাত আৰু ভৰি ঠাণ্ডা হোৱা, মুৰৰ বিষ, আৰু অনিয়মীয়া হৃদস্পন্দনও হিমোগ্লবিনৰ নিম্ন স্তৰৰ ফালে আঙুলিয়াই দিব পাৰে।
আপুনি নিম্ন হিমোগ্লবিনৰ স্তৰ বৃদ্ধি কৰিব বিচাৰে নেকি? যদি বিচাৰে, আপুনি নিশ্চিতভাৱে আপোনাৰ আহাৰ পৰিকল্পনাত আয়ৰণ সমৃদ্ধ খাদ্য সামগ্ৰী অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰা উচিত।
সেউজীয়া শাক-পাচলি, মাহজাতীয় শস্য, বীট, আপেল, আৰু ডালিমৰ দৰে চুপাৰফুডে আপোনাৰ হিমোগ্লবিনৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰিব পাৰে। আপুনি কম হিমোগ্লবিনৰ স্তৰ বৃদ্ধি কৰিবলৈ কণীও খাব পাৰে।
(এই প্ৰবন্ধটো সাধাৰণ তথ্যৰ বাবে, অনুগ্ৰহ কৰি যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওঁক)