মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তানক এক শক্তিশালী বাৰ্তা প্ৰদান কৰি কয় যে পাকিস্তান অধীকৃত কাশ্মীৰ অবিহনে জম্মু-কাশ্মীৰ অসম্পূৰ্ণ । তেওঁ ইছলামবাদক সন্ত্ৰাসবাদী আন্তঃগাঁথনি ভাঙি পেলাবলৈ সকীয়াই দি কয় যে যদি পাকিস্তানে তেনে নকৰে তেন্তে গুৰুতৰ পৰিণতিৰ সন্মুখীন হ’বলৈ সাজু হ’ব লাগিব । এই বিবৃতিত তেওঁ জম্মু-কাশ্মীৰৰ পৰিৱৰ্তিত পৰিস্থিতিৰ কথা উল্লেখ কৰি পি অ’ কেক ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ অংশ বুলি অভিহিত কৰে ।
আখনূৰ খণ্ডত আয়োজিত নৱম সশস্ত্ৰ বাহিনীৰ প্ৰবীণ দিৱসৰ কাৰ্যসূচীত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় । তেওঁ কয় যে জম্মু-কাশ্মীৰৰ পৰিস্থিতি এতিয়া সলনি হৈছে আৰু পাকিস্তানে এই সত্যক মানি লোৱা উচিত । পি অ’ কেক ভাৰতৰ কপালৰ মুকুটমণি বুলি অভিহিত কৰি তেওঁ কয় যে পাকিস্তানৰ বাবে পি অ’ কে কেৱল বিদেশী ভূখণ্ড নহয় বৰঞ্চ ভাৰতৰ এক অবিচ্ছেদ্য অংগ ।
সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ নীতি-
ৰাজনাথ সিঙে পাকিস্তানে পি অ’ কেত সন্ত্ৰাসবাদী শিবিৰ চলাই তাৰ পৰাই ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ পাকিস্তানক এই সন্ত্ৰাসবাদী শিবিৰসমূহ ধ্বংস কৰিবলৈ সকীয়াই দিয়ে । দীৰ্ঘদিন ধৰি চলি থকা সন্ত্ৰাসবাদক সমৰ্থন কৰি পাকিস্তানে ভাৰতক অস্থিৰ কৰিবলৈ চেষ্টা কৰিছে বুলিও তেওঁ কয় ।
ৰাজনাথ সিঙে পাকিস্তানৰ ভাৰত বিৰোধী এজেণ্ডাক আগুৱাই নিয়াৰ পোষকতা কৰা পি অ’ কেৰ তথাকথিত প্ৰধানমন্ত্ৰী আনোৱাৰ উল হকে কৰা মন্তব্যক গৰিহণা দিয়ে । তেওঁ কয় যে পি অ’ কেৰ জনসাধাৰণ সন্মানজনক জীৱনৰ পৰা বঞ্চিত হৈ আছে আৰু পাকিস্তানে ধৰ্মৰ নামত তেওঁলোকক শোষণ কৰিছে ।
১৯৬৫ চনৰ যুদ্ধত সৈনিকৰ বীৰত্বক প্ৰশংসা ৰাজনাথ সিঙৰ-
এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীয়ে ঘোষণা কৰে যে প্ৰাক্তন সেনা আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে চৰকাৰে দুৰ্গম অঞ্চলত ‘মোবাইল মেডিকেল ইউনিট’ মুকলি কৰিব যাতে তেওঁলোকে ঘৰতে চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰে । ইয়াৰ সমান্তৰালকৈ তেওঁ প্ৰাক্তন সেনাবাহিনীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ বাবে আন বহুতো সাহায্য ব্যৱস্থাৰ বিষয়েও তথ্য প্ৰদান কৰে ।
১৯৬৫ চনৰ যুদ্ধত ভাৰতীয় সেনাৰ অৱদানৰ কথা মনত পেলাই ৰাজনাথ সিঙে ভাৰতীয় সৈনিকৰ বীৰত্ব আৰু ত্যাগক প্ৰশংসা কৰে । তেওঁ কয় যে ভাৰতীয় সেনাই পাকিস্তানৰ আক্ৰমণ বিফল কৰি লাহোৰ পোৱাত সফল হৈছিল । লগতে কয় যে ১৯৪৮, ১৯৬৫, ১৯৭১ বা ১৯৯৯ চনৰ যুদ্ধই হওক পাকিস্তানৰ বিৰুদ্ধে ভাৰতে প্ৰতিখন যুদ্ধই জয়ী হৈছে ।