বন্যপ্ৰাণীৰ মূল বাসস্থান পশ্চিম ঘাটৰ ঘন বনাঞ্চল ক্ৰমাৎ বৃদ্ধি পোৱা নগৰায়নৰ বলি হৈ পৰিছে । দেশৰ ৩০ শতাংশতকৈও অধিক বন্য প্ৰজাতি ইয়াত পোৱা যায় । এই অৰণ্যসমূহে বায়ুমণ্ডলীয় কাৰ্বন ডাই অক্সাইড শোষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু পশ্চিম ঘাটৰ পাহাৰবোৰে ভাৰতীয় বাৰিষাৰ বতৰৰ ধৰণক প্ৰভাৱিত কৰে । কিন্তু এতিয়া ইয়াৰ পৰিসৰ উদ্বেগজনকভাৱে কমি আহিছে ।
ষ্টেট অৱ ফৰেষ্টৰ প্ৰতিবেদন-
ষ্টেট অৱ ফৰেষ্ট ৰিপ’ৰ্ট (এছ অ’ এফ আৰ) অনুসৰি যোৱা ১০ বছৰত পশ্চিম ঘাটৰ পৰা ৫৮.২২ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত বনাঞ্চল নোহোৱা হৈছে । পাহাৰীয়া আৰু উচ্চ উচ্চতাৰ অঞ্চলতো বনাঞ্চলৰ ক্ষেত্ৰফল হ্ৰাস পাইছে । কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰথমবাৰৰ বাবে পশ্চিম ঘাট অঞ্চলৰ বনাঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । পশ্চিম ঘাটে গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু, কৰ্ণাটক, কেৰালা, গোৱাকে ধৰি ছখন ৰাজ্য সামৰি লৈছে ।
পশ্চিম ঘাটৰ পৰিৱেশ সংবেদনশীল অঞ্চল ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ লগতে বিশ্বৰ এক প্ৰধান জৈৱ বৈচিত্ৰ্যৰ হটস্পট । ইয়াৰ বনাঞ্চলত বিভিন্ন প্ৰজাতিৰ গছ পোৱা যায় । পৰিৱেশ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ই প্ৰায় ৬০,২৮৫.৬১ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত হৈ আছে ।
বনাঞ্চল ধ্বংসৰ কাৰণ-
পশ্চিম ঘাটৰ আশে-পাশে নগৰায়ন বৃদ্ধি পাইছে । কৃষি সম্প্ৰসাৰণৰ সমান্তৰালকৈ পথ আৰু ৰেলপথ নিৰ্মাণৰ বাবেও বনাঞ্চল কটা হৈছে । একে সময়তে অগ্নিকাণ্ডৰ ফলত বনাঞ্চলৰ ক্ষতিসাধন হৈছে । উদ্যোগ, খনি, বনাঞ্চলত বৃদ্ধি পোৱা অবৈধ নিৰ্মাণৰ ফলতো পশ্চিম ঘাটসমূহৰ ক্ষতিসাধন হৈছে ।
নীলগিৰি অৰণ্যৰ আটাইতকৈ বেছি ক্ষতি-
প্ৰতিবেদন অনুসৰি তামিলনাডুৰ নীলগিৰি বনাঞ্চল সৰ্বাধিক হ্ৰাস হৈছে । ইয়াত ২০১৩ চনৰ পৰা ১২৩.৪৪ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত বনাঞ্চল ধ্বংস হৈছে । পুনেতো ৬৬৪.৯ বৰ্গ কিলোমিটাৰ বনাঞ্চল ধ্বংস হৈছে । এই প্ৰতিবেদনত পাহাৰীয়া অঞ্চলত বিয়পি পৰা বনাঞ্চলৰ ক্ষতিৰ কথাও উল্লেখ কৰা হৈছে ।