মেষ ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে এটা ভাল দিন হ’ব। আজি, কিছুমান গুৰুত্বপূৰ্ণ লোকৰ সৈতে আপোনাৰ পৰিচয় হ’ব। কোনো গুৰুত্বপূৰ্ণ কাম নিয়াৰিকৈ কৰিব পাৰিব। ঘৰলৈ আলহীৰ আগমন হ’ব। মিতব্যয়ী হওক অন্যথা বহু ক্ষেত্ৰত অসুবিধাৰ সন্মুখিন হ’ব।পাৰিবাৰিক জীৱন আনন্দদায়ক হ’ব। কোনো অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ’ব। ব্যৱসায়ত লাভ কৰিব। মহিলাসকলে আজি কাম কৰোঁতে অলপ সাৱধান হোৱা প্ৰয়োজন।মন্দিৰ দৰ্শন কৰক। বাহনৰ পৰা সাৱধান হ’ব।
বৃষ ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে অনুকূল দিন হ’ব।আনৰ প্ৰিয়ভাজন হ’ব পাৰিব। বিৱেকৰ দ্বাৰা পৰিচালিত হওক। ব্যস্ততা বৃদ্ধি পাব।কামত নতুন পৰিকল্পনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত সাৱধান হ’ব।অনাহকত কাজিয়া নকৰিব, সন্মান হানি হ’ব পাৰে। বিবাহৰ ক্ষেত্ৰত সিদ্ধান্ত লওতে ভাবি চিন্তি ল’ব। শিক্ষাৰ্থীসকলৰ বাবে এটা ভাল দিন। আৰ্থিক ক্ষেত্ৰত পৰিয়ালৰ পৰা সহায় পাব। দৰিদ্ৰক খাদ্য দিব পাৰে।
মিথুন ৰাশি- আজি আপোনাৰ আত্মবিশ্বাসৰ স্তৰ উচ্চ হ’ব।কৰ্মত উন্নত চিন্তা বৃদ্ধি পাব। সকলো সময়তে ক্ষোভ, খং এৰাই চলক।সামাজিক কামত নিয়োজিত হওক মনত শান্তি পাব। কামত বন্ধুবৰ্গৰ পৰা সমৰ্থন পাব। নিৰামিষ আহাৰ খালে স্বাস্থ্য উন্নত হ’ব।বিবাহিত জীৱনত সম্প্ৰীতি থাকিব। কৰ্ম ক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে।
কৰ্কট ৰাশি- আজি কোনো কামত ঘৰৰ জ্যেষ্ঠজনৰ পৰামৰ্শত ডাঙৰ পদক্ষেপ ল’ব পাৰিব। অধিক কামৰ বাবে, আজি অতি ব্যস্ত থাকিব। শিক্ষাৰ্থীসকলৰ বাবে এক মিশ্ৰিত দিন হ’বলৈ গৈ আছে। পৰিয়ালৰ সদস্যসকল আজি আপোনাৰ আচৰণত সুখী হ’ব। ব্যৱসায় বৃদ্ধি হ’ব। অফিচত আপোনাৰ কামত সুখী হৈ, বছে উপহাৰ দিব পাৰে । সহকৰ্মীসকলে আপোনাৰ পৰা কিবা শিকিব বিচাৰিব।গোপনীয়তা ৰক্ষা কৰি চলিব।
সিংহ ৰাশি- আজি সাম্প্ৰতিক পৰিস্থিতিত সুখী হ’ব। ব্যৱসায়ত লাভান্বিত হোৱাৰ সম্ভাৱনা আছে।বন্যপ্ৰাণীৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা আছে। প্ৰতিৱেশীৰ ওপৰত নজৰ ৰাখক, আপোনাৰ ক্ষতি কৰিব পাৰে। লোভ কমাওক। খৰচ বৃদ্ধি পাব। ব্যৱসায়ৰ ক্ষেত্ৰত বেলেগ চহৰলৈ ভ্ৰমণৰ সুযোগ আহিব। চাকৰি বিচাৰি থকা সকলৰ হাতলৈ সুযোগ আহিব। আজি কাকো টকা ধাৰত নিদিব, অন্যতা সেই ধন ঘূৰাই নাপাব।
কন্যা ৰাশি- আজি আপুনি উদ্যমী অনুভৱ কৰিব। হাতলৈ ধনৰ সুযোগ আহিব আৰু সেই সুযোগ নেহেৰুৱাব। আজি স্বাস্থ্য বৰ ভালে নাযাব।যি কোনো খাদ্য নাখাব, পেটৰ বিষ হ’ব পাৰে। কামত খ্যাতি লাভ কৰিব। প্ৰিয়জনৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। কোনো সিদ্ধান্ত লওতে পিতৃ-মাতৃৰ পৰা সমৰ্থন লাভ কৰিব। সন্তানৰ স্বাস্থ্যই চিন্তাত পেলাব।
তুলা ৰাশি- দিনটো অতি ভাল হ’ব।কিবা নতুন শিকাৰ সুযোগ পাব। কাৰ্যালয়ত সহকৰ্মীয়ে সমৰ্থন কৰিব।আনৰ প্ৰৰোচনাত নপৰিব। যিকোনো কামত আনৰ ওপৰত নিৰ্ভৰ নকৰিব। কামত অন্যমনস্ক নহ’ব। আনৰ সমাদৰ পাব। দা-কটাৰীৰ পৰা সাৱধান হ’ব। মূল্যৱান সামগ্ৰী হেৰুৱাব পাৰে।চাকৰিৰ বাবে নতুন সম্ভাৱনাৰ সম্পূৰ্ণ হ’ব। শুকান ফলৰ ব্যৱসায় কৰা লোকসকলে আজি অধিক লাভ কৰিবলৈ গৈ আছে।
বৃশ্চিক ৰাশি- কৰ্মোন্নতিৰ যোগ। আনক তুচ্ছ জ্ঞান নকৰিব। আজি কোনো কথাত খং নকৰিব। ভুল বুজা-বুজি হ’ব পাৰে। প্ৰতিবেশীৰ পৰা কষ্ট পাব। সন্ধিয়ালৈ কিছু ভাল খবৰ পাব। যোগাযোগৰ মাধ্যমৰ পৰা লাভান্বিত হ’ব। ৰৈ থকা কোনো কাম অতি সহজে আজি সমাধান হ’ব। কামত কিছুমান নতুন অভিজ্ঞতা পাব। আপোনাৰ উপাৰ্জন বৃদ্ধি হ’ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভালে নাযাব।
ধনু ৰাশি- আনে আমনি কৰিব। কোনো মাংগলিক কামত যোগদান কৰক মনত শান্তি পাব। সম্পত্তি ক্ৰয়ৰ সুযোগ হাতলৈ আহিব। কেৰিয়াৰত সফলতা লাভ কৰিব।পৰিয়ালৰ সৈতে দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আজি আমিষ খাদ্য গ্ৰহণ কৰিলে স্বাস্থ্যৰ অৱনতি হ’ব। সন্তাৰ পৰা আশা কৰা ধৰণে ফল পাব। ব্যৱসায়ত সাৱধান হ’ব।
মকৰ ৰাশি- আজি আপোনাৰ দিনটো ধৰ্মীয় কাৰ্যকলাপত অতিবাহিত হ’ব। ৰিয়েল ইষ্টেট নথিপত্ৰবোৰ আজি সুৰক্ষিত ৰাখিব। একে সময়তে, আপোনাৰ চাৰিওফালে ঘটি থকা কাৰ্যকলাপৰ ওপৰত নজৰ ৰখাৰ প্ৰয়োজন আছে। যদি কিছুমান বস্তুৰ যত্ন নলয়, সেইবোৰ হেৰাই যোৱাৰ সম্ভাৱনা আছে। অৰ্থনৈতিক উত্থান-পতনৰ পৰিস্থিতি দেখিব পাৰে।কামত এলাহ ভাৱ পৰিহাৰ কৰক। সাৱধান হ’ব অন্যথা আপোনাৰ সৰলতাৰ সুযোগ ল’ব পাৰে।
কুম্ভ ৰাশি- আনৰ পৰা সহযোগীতা পাব। সততা ৰক্ষা কৰিব। হাতলৈ অহা সুযোগ গ্ৰহণ কৰক, দিন ভাললৈ আহিব। কিন্তু হঠাতে কোনো লোকক বিশ্বাসত নল’ব। অবিবাহিত সকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব। সিদ্ধান্ত লওতে খৰখেদা নকৰিব। মাতৃৰ স্বাস্থ্যই চিন্তাত পেলাব।ধৰ্মীয় কামৰ বাবে নিমন্ত্ৰণ পাব । সন্ধিয়া মন্দিৰ দৰ্শন কৰক। বাটৰ জীৱ-জন্তুক খাদ্য খোৱাব পাৰে।
মীন ৰাশি- কৰ্মত বলিষ্ঠ পদক্ষেপ লওক। আনৰ পৰা বেছি আশা নকৰিব।ৰক্ষা কৰিব নোৱাৰিলে আজি কাকো প্ৰতিশ্ৰুতি নিদিব। জ্বৰ, চৰ্দী, বিষ আদি ৰোগত ভুগিব পাৰে। খৰচৰ মাত্ৰা বৃদ্ধি পাব. আনৰ সুখ দেখি নজ্বলিব। দীঘলীয়া সময়ৰ বাবে ভ্ৰমণৰ সুযোগ আহিব। ভৱিষ্যতক লৈ ডাঙৰ সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে। পৰিয়ালৰ পৰা সমৰ্থন পাব।