চেম্পিয়নছ ট্ৰফী ২০২৫ ক’ত কেনেকৈ অনুষ্ঠিত হ’ব সেই লৈ বিতৰ্ক এতিয়াও চলি আছে । ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা বিবাদৰ বাবে ইয়াৰ সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই । ২৯ নৱেম্বৰত আই চি চিয়ে এখন বৈঠকৰ দিন ধাৰ্য কৰিছিল, য’ত এই প্ৰতিযোগিতাৰ আয়োজন সন্দৰ্ভত সিদ্ধান্ত ল’ব লাগিছিল যদিও এই বৈঠক পিছদিনালৈ পিছুৱাই দিয়া হয় । এতিয়া শেহতীয়াকৈ আপডেট আহিছে যে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে হাইব্ৰিড মডেলৰ অধীনত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ সন্মত হৈছে, কিন্তু ইয়াৰ লগে লগে তেওঁলোকে কিছু চৰ্তও ৰাখিছে ।
আই চি চিয়ে দিছিল অন্তিম সময়সীমা-
আই চি চিয়ে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক অন্তিম সময়সীমা দিছিল যে ২০২৫ চনত চেম্পিয়নছ ট্ৰফী আয়োজন কৰাৰ বাবে এতিয়া হাইব্ৰিড মডেল একমাত্ৰ বিকল্প । যদি পি চি বিয়ে এই কথাত সন্মতি নিদিয়ে তেন্তে তেওঁলোকৰ দলটো বাহিৰ হ’ব আৰু এই আই চি চি প্ৰতিযোগিতাখন আন কোনো দেশত আয়োজন কৰা হ’ব । ২৯ নৱেম্বৰত আই চি চি ব’ৰ্ডৰ বৈঠকৰ সময়ত এই ঘোষণা কৰে আই চি চিয়ে । উল্লেখ্য যে ভাৰত চৰকাৰে ঘৰুৱা দলটোক পাকিস্তানলৈ যাবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে, ইয়াৰ পিছত পি চি বিৰ মুৰব্বী মহছিন নাকভিয়ে হাইব্ৰিড মডেলৰ অধীনত চেম্পিয়নছ ট্ৰফী আয়োজন কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল ।
মান্তি হ’ল যদিও এইসমূহ চৰ্ত ৰাখিলে পাকিস্তানে-
হাইব্ৰিড মডেলৰ অধীনত চেম্পিয়নছ ট্ৰফী আয়োজন নকৰাৰ সিদ্ধান্তৰ ওপৰত অটল হৈ থকা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মনোভাৱ কিছু শিথিল হৈ পৰিছে । এক বাতৰি অনুসৰি হাইব্ৰিড মডেলত চেম্পিয়নছ ট্ৰফী আয়োজন কৰিবলৈ সন্মত হৈছে পাকিস্তান, কিন্তু কিছু চৰ্তও ৰাখিছে…
১) ডুবাইত ভাৰতৰ মেচঃ গ্ৰুপ ষ্টেজ, ছেমি ফাইনেল আৰু ফাইনেল (যদি তেওঁলোকে যোগ্যতা অৰ্জন কৰে)কে ধৰি ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জড়িত সকলো মেচ, এই সকলোবোৰ ডুবাইত খেলা হ’ব, কাৰণ ভাৰত চৰকাৰে নিজৰ দল পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছে ।
২) লাহোৰত বেকআপ আয়োজনঃ ভাৰতে গ্ৰুপ পৰ্যায়ৰ পৰা আগবাঢ়িব নোৱাৰিলে লাহোৰত ছেমি ফাইনেল আৰু ফাইনেল আয়োজনৰ অধিকাৰ সংৰক্ষিত কৰিছে পাকিস্তানে ।
৩) আই চি চি টুৰ্ণামেণ্টৰ বাবে নিৰপেক্ষ স্থানঃ পি চি বিয়ে এটা চৰ্ত ৰাখিছে যে যদি ভৱিষ্যতে ভাৰতে আই চি চিৰ ইভেণ্ট আয়োজন কৰে তেন্তে পাকিস্তানৰ মেচ নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব ।