-এতিয়াৰে পৰা চৰকাৰী কাৰ্যালয়ত পৰি নাথাকে আপোনাৰ ফাইল
-কোনো বৈধ কাৰণত ফাইল পেলাই থ’লে বিপদত পৰিব চৰকাৰী কৰ্মচাৰী
-ৰাজহুৱা সেৱা আয়োগৰ অধিনত মুকলি কৰা হ’ল পৰ্টেল
-যিখন টেবুলত বা বিযয়াৰ ওচৰত ফাইল পৰি আছে তাৰ তথ্য পাব অসম ৰাজ্যিক সেৱা অধিকাৰ আয়োগে
-সেই বিষয়াজনক জবাবদিহি কৰিব আয়োগে
-সময়ত কাম নকৰিলে আয়োগে সেই বিষয়াজনক ১০০ টকাৰ পৰা ৫০০০ টকা জৰিমনা বিহিব
-DCৰ পৰা LDলৈ সকলোৱে ভৰিব লাগিব জৰিমনা
-চৰকাৰী বিষয়াসকলৰ দৰমহাৰ পৰা কৰ্তন কৰা হ’ব এই জৰিমনা
-আজিৰে পৰা কোনো কামৰ বাবে DCৰ ৰুমত গৈ আপুনি অনুৰোধ কৰিব নালাগে
-৭৬৩টা সেৱাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব
-ফাৰ্ষ্ট এপিলেট অথ’ৰিটিৰ ওচৰত কাম নহ’লে দ্বিতীয় এপিলেট অথ’ৰিটিৰ ওচৰলৈ যাব পাৰিব
-৭হাজাৰ টকা পৰ্যন্ত তেতিয়া জৰিমনা কৰা হ’ব
-ফাৰ্ষ্ট এপিলেট অথ’ৰিটি আৰু দ্বিতীয় এপিলেট অথ’ৰিটি বিফল হ’লে যাব পাৰিব আয়োগৰ ওচৰলৈ
-পোনপটীয়াকৈও আপুনি এই আয়োগৰ ওচৰত গোচৰ দিব পাৰিব
-১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহিব পাৰিব আয়োগে
-ৰাজ্যৰ মুখ্য সচিব পৰ্যন্ত বিযয়াক জৰিমনা বিহিব পাৰিব এই আয়োগে
-যিগৰাকী ব্যক্তিৰ কাম পলম হৈছিলে তেওঁক প্ৰদান কৰা হ’ব জৰিমনাৰ ধন
-আবেদনকাৰীয়ে ক্ষতিপূৰণ হিচাপে লাভ কৰিব এই টকা
-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা