ৰাষ্ট্ৰসংঘত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতক আকৌ এবাৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে । ভাৰত ২০২৫-২০২৬ বৰ্ষৰ বাবে ৰাষ্ট্ৰসংঘৰ শান্তি নিৰ্মাণ আয়োগৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত হৈছে । আয়োগত ভাৰতৰ বৰ্তমানৰ কাৰ্যকাল ৩১ ডিচেম্বৰত শেষ হোৱাৰ কথা আছিল । ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ স্থায়ী মিছনে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত উল্লেখ কৰে, ‘ভাৰত ২০২৫-২০২৬ বৰ্ষৰ বাবে ৰাষ্ট্ৰসংঘৰ শান্তি নিৰ্মাণ আয়োগলৈ (PBC) পুনৰ নিৰ্বাচিত হৈছে ।’
ভাৰত আয়োগৰ প্ৰতিষ্ঠাপক সদস্য-
বিবৃতিটোত আৰু কোৱা হৈছে যে ‘এজন প্ৰতিষ্ঠাপক সদস্য আৰু ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ ক্ষেত্ৰত এক মুখ্য অৱদানকাৰী হিচাপে, ভাৰতে বিশ্বশান্তি আৰু স্থিৰতাৰ দিশত কাম কৰিবলৈ পি বি চিৰ সৈতে ইয়াৰ সম্পৰ্ক অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।’ পি বি চিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা, নিৰাপত্তা পৰিষদ আৰু অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ পৰা নিৰ্বাচিত ৩১ খন সদস্য দেশ আছে । ৰাষ্ট্ৰসংঘৰ প্ৰণালীত শীৰ্ষ বিত্তীয় অৱদানকাৰী আৰু শীৰ্ষ সামৰিক অৱদানকাৰী দেশবোৰো ইয়াৰ সদস্য ।
সৰ্বাধিক সৈন্য প্ৰেৰণ কৰা দেশসমূহৰ ভিতৰত অন্তৰ্ভূক্ত-
ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীলৈ ইউনিফৰ্ম পৰিহিত জোৱানৰ অন্যতম বৃহৎ অৱদান আছে ভাৰতৰ । বৰ্তমান ভাৰতত ৰাষ্ট্ৰসংঘৰ অভিযানৰ অংশ হিচাপে আবেই, মধ্য আফ্ৰিকান ৰিপাব্লিক, চাইপ্ৰাছ, ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগো, লেবানন, মধ্যপ্ৰাচ্য, ছোমালিয়া, দক্ষিণ চুডান আৰু পশ্চিম চাহাৰাত প্ৰায় ৬,০০০ সামৰিক আৰু আৰক্ষী জোৱান নিয়োজিত হৈ আছে । প্ৰায় ১৮০ গৰাকী ভাৰতীয় শান্তিৰক্ষীয়ে শান্তিৰক্ষা অভিযানত কৰ্তব্যৰ শাৰীত সৰ্বোচ্চ ত্যাগ কৰিছে, যিটো অৱদানকাৰী হিচাপে আন কোনো দেশৰ সৰ্বোচ্চ ত্যাগ ।