বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে কয় যে ভাৰতে বাংলাদেশ চৰকাৰৰ ওচৰত ধাৰাবাহিকভাৱে বিষয়টো উত্থাপন কৰি আহিছে যে তাত হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলে ভাবুকি আৰু লক্ষ্যপূৰ্ণ আক্ৰমণৰ সন্মুখীন হৈছে । মন্ত্ৰালয়ে কয় যে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে দেশখনৰ সকলো সংখ্যালঘুৰ সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্ব পালন কৰা উচিত ।
‘সংখ্যালঘু লোকৰ সুৰক্ষাৰ বাবে বাংলাদেশে পদক্ষেপ ল’ব লাগে’-
মন্ত্ৰালয়ে কয় যে, বাংলাদেশত চৰমপন্থী ভাষাৰ ব্যৱহাৰ বৃদ্ধি, হিংসাৰ ঘটনা আৰু উচটনি দিয়াৰ ক্ষেত্ৰত আমি উদ্বেগ প্ৰকাশ কৰিছো । এই ঘটনাবোৰ কেৱল সংবাদ মাধ্যমৰ অতিৰঞ্জিত বুলি ধৰিব নোৱাৰি । মন্ত্ৰালয়ে আকৌ এবাৰ বাংলাদেশ চৰকাৰক সংখ্যালঘুসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ আহ্বান জনাইছে ।
চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ সন্দৰ্ভত কি ক’লে মন্ত্ৰালয়ে-
বাংলাদেশৰ বিশিষ্ট হিন্দু ব্যক্তি চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ সন্দৰ্ভত মন্ত্ৰালয়ে কয় যে, ব্যক্তিৰ বিৰুদ্ধে গোচৰৰ ক্ষেত্ৰত যিমানদূৰলৈকে আইনী প্ৰক্ৰিয়া চলি আছে সেই কথা আমি অৱগত । আমি আশা কৰোঁ যে এই প্ৰক্ৰিয়াসমূহে গোচৰটো ন্যায়সংগত, ন্যায্য আৰু স্বচ্ছভাৱে মোকাবিলা কৰিব আৰু সকলো অভিযুক্তৰ আইনী অধিকাৰৰ প্ৰতি সম্পূৰ্ণ সন্মান নিশ্চিত কৰিব । বাংলাদেশৰ সনাতনী জাগৰণ জোট সংগঠনৰ মুখপাত্ৰ চিন্ময় কৃষ্ণ দাসক সোমবাৰে ঢাকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় । মঙলবাৰে চট্টগং আদালতে তেওঁৰ জামিন অস্বীকাৰ কৰি জেললৈ প্ৰেৰণ কৰে । দাসৰ সমৰ্থক আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষত মৃত্যু হয় এজন অধিবক্তাৰ । ইয়াৰ পূৰ্বে চিন্ময় বাংলাদেশৰ ইণ্টাৰনেশ্যনেল ছ’চাইটি ফৰ কৃষ্ণ চেতনা (ISKCON)ৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ।
‘ভাৰত আৰু বাংলাদেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য অব্যাহত’-
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ভাৰতৰ পৰা বাংলাদেশলৈ সামগ্ৰীৰ যোগান কোনো বাধা নোহোৱাকৈ অব্যাহত আছে আৰু দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য অব্যাহত আছে । ভাৰতীয় ক্ৰিকেট দলৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত সোধাত জয়ছোৱালে কয় যে বি চি চি আইয়ে এক বিবৃতি প্ৰকাশ কৰিছে, য’ত কোৱা হৈছে যে তাত নিৰাপত্তা সন্দৰ্ভত উদ্বেগ আছে । গতিকে ভাৰতীয় দলটো তালৈ যোৱাৰ সম্ভাৱনা নাই ।
ইস্কনৰ সৈতে জড়িত ১৭ জন লোকৰ বেংক একাউণ্ট ফ্ৰীজ-
ইয়াৰ পূৰ্বে বাংলাদেশৰ বিত্তীয় কৰ্তৃপক্ষই এক নিৰ্দেশৰ পিছত ইস্কনৰ সৈতে জড়িত সোতৰজন লোকৰ বেংক একাউণ্ট এমাহৰ বাবে ফ্ৰীজ কৰি ৰাখিছে । এই লোকসকলক তিনি কৰ্মদিনৰ ভিতৰত তেওঁলোকৰ লেনদেনৰ তথ্য সংশ্লিষ্ট বেংকত জমা দিবলৈ কোৱা হৈছে ।