পাকিস্তানত আয়োজন কৰা চেম্পিয়নছ ট্ৰফী ২০২৫ বিপদত পৰিব পাৰে । আচলতে ইয়াৰ কাৰণ হ’ল শেহতীয়াকৈ পাকিস্তানৰ ৰাজধানী ইছলামবাদত হোৱা উত্তেজনা । যাৰ বাবে বহু দলে নিৰাপত্তাজনিত কাৰণত পাকিস্তানত খেলাৰ পৰা আঁতৰি থাকিব পাৰে । শেহতীয়াকৈ ইছলামবাদত ইমৰাণ খানৰ সমৰ্থকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল ।
পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ উদ্যোগত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫ । কিন্তু এতিয়া ৰাজনৈতিক উত্তেজনাৰ বাবে এই প্ৰতিযোগিতাখন পাকিস্তানৰ বাহিৰলৈ বদলি হোৱাৰ সম্ভাৱনা আছে । ইফালে ইয়াৰ মাজতে পাকিস্তান শ্বাহিনছৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলিবলগীয়া শ্ৰীলংকা এ দলটো ৰাজনৈতিক অশান্তিৰ বাবে উভতি আহিবলগীয়া হৈছিল ।
এক প্ৰতিবেদন অনুসৰি চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰা আন কিছুমান দেশে নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ কৰিছে । ইয়াৰ বাবেই এই প্ৰতিযোগিতা পাকিস্তানৰ বাহিৰলৈ স্থানান্তৰিত হোৱাৰ আশংকা আছে ।
এই কাৰণেই ইয়াক পি চি বিৰ সৈতে হাইব্ৰিড মডেলত সংগঠিত কৰিব পাৰে । শেহতীয়াকৈ চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত এটা আপডেট ওলাইছে, য’ত কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে পাকিস্তানক এই প্ৰতিযোগিতাখনৰ বাবে হাইব্ৰিড মডেলত সন্মতি দিবলৈ কৈছে ।
পাকিস্তানৰ ৰাজধানী ইছলামবাদত কিয় সৃষ্টি হৈছে উত্তেজনাৰ ?
কাৰাগাৰত বন্দী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সমৰ্থকে ৰাজধানী ঘেৰাও কৰাৰ বাবেই ইছলামবাদত লকডাউন সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে । পাকিস্তান কৰ্তৃপক্ষই কাৰাগাৰত বন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰায় ১০০০ সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে । পাকিস্তানত এই সকলো বিশৃংখলতাৰ আঁৰৰ কাৰণ হৈছে পাকিস্তান তেহৰিক-ই-ইনছাফ পাৰ্টিৰ মুৰব্বী তথা প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খানৰ গ্ৰেপ্তাৰ ।
আই চি চি চেম্পিয়নছ ট্ৰফী আয়োজনক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা অচলাৱস্থা নতুন কথা নহয় । যোৱা কেইমাহমানৰ পৰা দুয়োখন দেশৰ মাজত মতানৈক্য অব্যাহত আছে আৰু দুয়োপক্ষই নিজৰ স্থিতিত অটল । অৱশ্যে চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত অহা ২৯ নৱেম্বৰত আই চি চিৰ ব’ৰ্ডৰ সদস্যৰ বৈঠকত লোৱা হ’ব ।