পুনৰ সমস্যাত সোমাই পৰিছে শিল্পা চেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰা। ইডিয়ে শুকুৰবাৰে পৰ্ণগ্ৰাফী গোচৰৰ সন্দৰ্ভত ছাণ্টাক্ৰুজ স্থিত বাসগৃহত তালাচী চলাইছিল।
জানিব পৰা মতে শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা চলি আছে এই অভিযান। এই গোচৰটোত পূৰ্বেও গ্ৰেপ্তাৰ কৰা হৈছিল ৰাজ কুন্দ্ৰাক।অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামীৰ বাসগৃহকে ধৰি অন্যান্য স্থানতো ইডিয়ে অভিযান চলাই আছে।
অনুসন্ধানকাৰী সংস্থাটোৱে ১৫ টা স্থানত অভিযান চলাই আছে।মহাৰাষ্ট্ৰকে ধৰি উত্তৰ প্ৰদেশৰ বহু ঠাইটো অভিযান চলোৱা হৈছে।
উল্লেক্য যে শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে বিটকইনৰ জৰিয়তে মানি লণ্ডাৰিঙৰ অভিযোগ উত্থাপিত হৈছে।যাৰ বাবে ইডিয়ে বিষয়টো অনুসন্ধান কৰিছিল।
শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৩ অক্টোবৰৰ তাৰিখে, ইডিয়ে ৰাজ কুন্দ্ৰাক জুহু বাংলো আৰু পুনে ফাৰ্মহাউচ খালী কৰিবলৈ জাননী জাৰি কৰে।
ৰাজ কুন্দ্ৰাই এই জাননীখনৰ বিৰুদ্ধে বোম্বাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। ২৭ নৱেম্বৰত, ইডিয়ে অভিযানৰ জাননী দিছিল।