ৰজনীকান্তৰ জীয়ৰী ঐশ্বৰ্য আৰু তামিল অভিনেতা ধনুষ চিৰদিনৰ বাবে পৃথক হৈছে।দুয়োজনে ২০২২ চনত তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল।যাৰ পিছত দুয়ো দীৰ্ঘদিন ধৰি ইজনে সিজনৰ পৰা পৃথকে আছিল।
দম্পতীহালৰ ২৭ নৱেম্বৰত তেওঁলোকৰ অন্তিম বিবাহ বিচ্ছেদৰ শুনানি হৈছিল।অৱশেষত চেন্নাই পৰিয়াল কল্যাণ আদালতে বুধবাৰে তেওঁলোক দুয়োকে বিবাহ বিচ্ছেদ প্ৰদান কৰে।
দুয়োজন এতিয়া আনুষ্ঠানিকভাৱে স্বামী আৰু পত্নী নহয়।তেওঁলোক দুয়োজনে বিবাহৰ ২০ বছৰৰ পিছত এই বিবাহ বিচ্ছেদ লৈছে।
পৰিয়াল কল্যাণ আদালতে তেওঁলোক দুয়োৰে বিবাহ বিচ্ছেদ নিশ্চিত কৰিছিল আৰু কৈছিল যে তেওঁলোকে আৰু একেলগে থাকিব নোৱাৰে। এই গোচৰটোৰ শুনানি আগতে তিনিবাৰ হৈছিল।
কিন্তু ধনুষ আৰু ঐশ্বৰ্য আদালতত হাজিৰ হ’ব নোৱাৰিলে।অৱশ্যে, ঐশ্বৰ্য বৃহস্পতিবাৰে আদালতত হাজিৰ হৈছিল। বিচাৰকজনে ২৭ নৱেম্বৰক শুনানিৰ পৰৱৰ্তী তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছিল।
ঐশ্বৰ্য আৰু ধনুষ২০০৪ চনত চেন্নাইত বিবাহপাশত আৱদ্ধ হৈছিল।ধনুষ আৰু ঐশ্বৰ্য দুটা পুত্ৰ সন্তানৰ পিতৃ-মাতৃ আৰু তেওঁলোকে সন্তান দুটিক একেলগে ডাঙৰ-দীঘল কৰি আছে।