চুবুৰীয়া দেশ বাংলাদেশ বৰ্তমান অতি অস্থিৰতাৰ মাজত আছে । ইয়াৰ মাজতে দেশখনত হিন্দুৰ ওপৰত আক্ৰমণ আৰু ধৰ্মগুৰু চিন্ময় প্ৰভুক গ্ৰেপ্তাৰ কৰাৰ পিছত ইস্কনক নিষিদ্ধ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে । এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে ।
ইফালে বাংলাদেশ চৰকাৰে ইস্কনক ধৰ্মীয় কট্টৰপন্থী সংগঠন বুলি ঘোষণা কৰিছে । উচ্চ ন্যায়ালয়ত বাংলাদেশৰ এটৰ্নী জেনেৰেলে কয় যে এইটোৱেই চৰকাৰৰ মূল এজেণ্ডা আৰু ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আৰম্ভ কৰা হৈছে । অৰ্থাৎ শীঘ্ৰে ইস্কনক নিষিদ্ধ কৰা হ’ব ।
আদালতত এটৰ্নী জেনেৰেলে কয় যে ইস্কন এটা ধৰ্মীয় কট্টৰপন্থী সংগঠন । এই সন্দৰ্ভত আদালতে তেওঁক ইস্কন সন্দৰ্ভত চৰকাৰৰ স্থিতি আৰু দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ৰূপৰেখা দাঙি ধৰিবলৈ নিৰ্দেশ দিয়ে । দেশৰ আইন-শৃংখলাৰ পৰিস্থিতি যাতে অৱনতি নঘটে তাৰ বাবে চৰকাৰক সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছে আদালতে ।
এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ফাৰাহ মেহবুব আৰু ন্যায়াধীশ দেবাশীষ ৰয়ৰ বিচাৰপীঠে কয় যে ইয়াৰ পূৰ্বে এজন অধিবক্তাই ইস্কনক নিষিদ্ধ কৰাৰ বাবে আবেদন দাখিল কৰিছিল আৰু চট্টগ্ৰামত অধিবক্তা ছাইফুল আলমৰ হত্যাকাণ্ডকে ধৰি সমগ্ৰ পৰিস্থিতি আদালতৰ জাননীলৈ আনিছিল । এই সন্দৰ্ভত আদালতে এতিয়া চৰকাৰক প্ৰশ্ন কৰিছে যে ইস্কন সংগঠন কি ? ক’ৰ পৰা আহিল ? এই সন্দৰ্ভত এটৰ্নী জেনেৰেলে কয় যে ই কোনো ৰাজনৈতিক দল নহয় বৰঞ্চ এটা ধৰ্মীয় কট্টৰপন্থী সংগঠন ।
উল্লেখ্য যে বাংলাদেশৰ আইন প্ৰয়োগকাৰী সংস্থাই ২৫ নৱেম্বৰত দেশদ্ৰোহৰ অভিযোগত চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰিছিল । মঙলবাৰে বাংলাদেশ আদালতে তেওঁক জামিন নিদিয়াত জেললৈ প্ৰেৰণ কৰা হয় । ইয়াৰ পিছতে চিন্ময় দাসৰ সমৰ্থকসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ আৰম্ভ কৰে । নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত সাংবাদিকসহ ১০জন লোক আহত হয় ।