প্ৰতিজন ছাত্ৰই সপোন দেখে যে তেওঁ স্নাতক হোৱাৰ পিছত ভাল দৰমহা আৰু এটা ভাল কেৰিয়াৰ গঢ়িব পাৰে । ইয়াৰ বাবে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে এম বি এ (MBA) বা পি জি ডি এম (PGDM)ক পছন্দ কৰে । দুয়োটা পৰিচালনা আৰু ব্যৱসায়ৰ লগত জড়িত কিন্তু দুয়োটাৰে পদ্ধতি বেলেগ । বিষয়টো একে হোৱাৰ বাবে বেছিভাগ মানুহেই এই দুটাৰ মাজত পাৰ্থক্য ধৰিব নোৱাৰে বা আন কথাত ক’বলৈ গ’লে দুয়োটাকে লৈ বিভ্ৰান্ত হৈ থাকে । গতিকে জানক এম বি এ আৰু পি জি ডি এমৰ মাজত কি পাৰ্থক্য আৰু প্ৰত্যেকৰে কি কি সুবিধা আৰু অসুবিধা আছে ।
পাঠ্যক্ৰমৰ গাঁথনি
এম বি এ হৈছে বিশ্ববিদ্যালয়সমূহৰ দ্বাৰা আগবঢ়োৱা এটা ডিগ্ৰী পাঠ্যক্ৰম । এই পাঠ্যক্ৰম ইউ জি চিৰ সৈতে সংযুক্ত । আনহাতে, পি জি ডি এম হৈছে ব্যক্তিগত পেছাদাৰী প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰদান কৰা ডিপ্লমা পাঠ্যক্ৰম । একেদৰে, এম বি এ-ৰ বিষয়বোৰৰ প্ৰতি অধিক তাত্ত্বিক দৃষ্টিভংগী আছে আনহাতে পি জি ডি এম-এ অধিক ব্যৱহাৰিক দৃষ্টিভংগী আগবঢ়ায় ।
পাঠ্যক্ৰমত তাৰতম্য-
এম বি এৰ পাঠ্যক্ৰম বেছিভাগেই বিশ্ববিদ্যালয়ে নিৰ্ধাৰণ কৰে, সেয়েহে বিশ্ববিদ্যালয় এখনৰ সৈতে জড়িত বিভিন্ন মহাবিদ্যালয়ত পাঠ্যক্ৰম একে । অৱশ্যে পি জি ডি এমৰ পাঠ্যক্ৰমসমূহ ব্যক্তিগত প্ৰতিষ্ঠান/মহাবিদ্যালয়সমূহে নিৰ্ধাৰণ কৰে । এনে পৰিস্থিতিত প্ৰতিখন কলেজতে বেলেগ বেলেগ ।
মাচুলৰ পাৰ্থক্য-
এম বি এৰ মাচুল পি জি ডি এমতকৈ কম । বিশ্ববিদ্যালয়সমূহে চৰকাৰৰ পৰা সমৰ্থন পায় গতিকে ছাত্ৰ-ছাত্ৰীসকলে কম মাচুল বহন কৰিবলগীয়া হয় । ব্যক্তিগত মহাবিদ্যালয়সমূহে এম বি এৰ বাবে নিশ্চিতভাৱে অধিক ধন লয় । একে সময়তে পি জি ডি এম পাঠ্যক্ৰমৰ মাচুল যথেষ্ট বেছি । যিবোৰ কলেজত কেম্পাছ প্লেচমেণ্ট ভাল পেকেজত থাকে, সেইবোৰ কলেজত মাচুল সাধাৰণ মাচুলৰ দুগুণ পৰ্যন্ত হয় ।
পাঠ্যক্ৰৰ সময়সীমা-
দুয়োবিধ পাঠ্যক্ৰম ২ বছৰৰ । যদিও এম বি এ ছেমিষ্টাৰৰ আৰ্হি অনুসৰণ কৰে, পি জি ডি এম ত্ৰিমাসিক আৰ্হি অনুসৰণ কৰে । লগতে পি জি ডি এম পাঠ্যক্ৰম অধিক আপডেট কৰা হয় আনহাতে এম বি এ পাঠ্যক্ৰমত বহুদিনৰ পিছত পৰিৱৰ্তন ঘটে ।
কেৰিয়াৰৰ সুযোগ-
এম বি এ কৰাৰ পিছত যিকোনো ব্যক্তিয়ে এইচ আৰ মেনেজাৰ, বিজনেছ এনালিইষ্ট, মাৰ্কেটিং মেনেজাৰ, ফাইনেন্স এডভাইজাৰ, ইনভেষ্টমেণ্ট বেংকাৰ আদি হিচাপে কাম কৰিব পাৰে । একে সময়তে পি জি ডি এম পাঠ্যক্ৰম সম্পূৰ্ণ কৰাসকলে প্ৰজেক্ট মেনেজাৰ, ডাটা চাইন্টিষ্ট, অডিটৰ, টেক্স স্পেচিয়েলিষ্ট, কনচালটেণ্ট ইত্যাদি হিচাপে কাম কৰাৰ সুযোগ পায় ।
পি জি ডি এমৰ ছাত্ৰই অধিক দৰমহা পায়-
সাধাৰণতে পি জি ডি এমৰ ছাত্ৰ-ছাত্ৰীয়ে এম বি এৰ ছাত্ৰ-ছাত্ৰীতকৈ বেছি দৰমহা পায় । এম বি এৰ আৰম্ভণিৰ দৰমহা বছৰি ৭ৰ পৰা ১০ লাখ টকা হ’ব পাৰে । একে সময়তে পি জি ডি এমৰ এজন ছাত্ৰৰ গড় আৰম্ভণিৰ দৰমহা বছৰি ১২ৰ পৰা ১৫ লাখ টকা । কেতিয়াবা ই প্ৰতিষ্ঠানৰ ওপৰতো নিৰ্ভৰ কৰে ।
প্ৰৱেশ পদ্ধতিৰ পাৰ্থক্য
দুয়োটা প্ৰগ্ৰেমে CAT, MAT, ZAT আদি পৰীক্ষাৰ স্ক’ৰ গ্ৰহণ কৰে । এম বি এ প্ৰদান কৰা বিশ্ববিদ্যালয়সমূহেও ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষাৰ পৰা নম্বৰ গ্ৰহণ কৰে । পি জি ডি এম প্ৰদান কৰা প্ৰতিষ্ঠানসমূহৰ বাবে কোনো নিৰ্দিষ্ট কাট অফ নাই যদিও পৰীক্ষাৰ নম্বৰৰ উপৰিও অতীতৰ শৈক্ষিক প্ৰদৰ্শন আৰু কৃতিত্বৰ দৰে কাৰকসমূহ নিৰ্বাচনৰ বাবে বিবেচনা কৰা হয় ।