বংগৰ দক্ষিণ-পশ্চিম উপসাগৰত গঠন হোৱা নিম্ন চাপৰ অঞ্চলটো গভীৰ চাপলৈ ৰূপান্তৰিত হৈছে । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বুধবাৰে ই ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পিছত ই লাহে লাহে তামিলনাডুৰ উপকূলৰ দিশে আগবাঢ়িব । ইয়াৰ প্ৰভাৱৰ বাবে মঙলবাৰৰ পুৱাৰে পৰা চেন্নাইকে ধৰি তামিলনাডুৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড বৰষুণ আৰম্ভ হৈছে । এই ধুমুহাই পুডুচেৰীকো প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে । ইয়াৰ পৰিপ্ৰেক্ষিতত চেন্নাইকে ধৰি তামিলনাডুৰ বিভিন্ন জিলাত ৭টা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ) আৰু ১০টা ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছ ডি আৰ এফ) মোতায়েন কৰা হৈছে ।
আই এম ডিয়ে দিলে তথ্য-
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰে দিনৰ ১২ বজাত প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি পুৱা ৮:৩০ বজাত গভীৰ চাপৰ এলেকা শ্ৰীলংকাৰ ট্ৰিনকোমালীৰ পৰা ৩১০ কিলোমিটাৰ দক্ষিণ-পূবে, পুডুচেৰীৰ পৰা ৭১০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূব আৰু ৮০০ কিলোমিটাৰ দক্ষিণে, দক্ষিণ-পূবত অৱস্থিত আছিল । ২৭ নৱেম্বৰত ই উত্তৰ, উত্তৰ-পশ্চিম দিশলৈ গতি কৰি আৰু অধিক তীব্ৰতৰ হৈ ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পাছতে অহা দুদিনৰ ভিতৰত শ্ৰীলংকাৰ উপকূল পাৰ হৈ উত্তৰ, উত্তৰ-পশ্চিম দিশলৈ তামিলনাডু উপকূলৰ ফালে গতি কৰিব ।
পৰৱৰ্তী তিনি দিনৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী-
আই এম ডিয়ে ২৯ নৱেম্বৰলৈকে তামিলনাডুৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণৰ বাবে সতৰ্কবাণী জাৰি কৰিছে । ইফালে, মুখ্যমন্ত্ৰী এম কে ষ্টালিনে পৰিস্থিতিৰ মূল্যাংকন কৰাৰ বাবে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা থকা অঞ্চলসমূহত এন ডি আৰ এফ আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দল মোতায়েনৰ নিৰ্দেশ দিয়ে । চেন্নাই, থিৰুভাৰুৰ, মায়িলাদুথুৰাই, নাগাপট্টিনম, কুড্ডালোৰ আৰু থাঞ্জাভুৰ জিলাত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ মুঠ ১৭ টা দল মোতায়েন কৰা হৈছে ।
ইণ্ডিগোৱে জাৰি কৰিলে পৰামৰ্শ-
ইফালে ইণ্ডিগোৱে চেন্নাই, টুটিকোৰিন আৰু মাদুৰাইৰ পৰা অহা বিমান সেৱাৰ বাবে এডভাইজাৰী জাৰি কৰিছে । প্ৰতিকূল বতৰৰ বাবে এই বিমানসমূহ প্ৰভাৱিত হৈছে ।