বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি জন টিনিছউডৰ মৃত্যু হৈছে । ১১২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে তেওঁ । ১৯১২ চনৰ ২৬ আগষ্টত ব্ৰিটেইনৰ লিভাৰপুলত জন্মগ্ৰহণ কৰিছিল টিনিছউডে । গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে এই কথা ঘোষণা কৰিছে ।
শেষৰ দিনবোৰ সংগীতৰ মাজত নিমগ্ন হৈ পৰিছিল জন-
টিনিছউড লিভাৰপুল ফুটবল ক্লাব (এফ চি)ৰ আজীৱন সমৰ্থক আছিল । সোমবাৰে চাউথ প’ৰ্টৰ এটা কেয়াৰ চেণ্টাৰত তেওঁৰ মৃত্যু হয় । টিনিছউডে শেষ দিনবোৰ সংগীতত নিমগ্ন হৈ কটাইছিল বুলি পৰিয়ালে জনায় । তেওঁ সদায় কৃতজ্ঞতা প্ৰকাশ কৰা বুলি জনা গৈছে আৰু তেওঁৰ যত্ন লোৱা প্ৰতিজন ব্যক্তিৰ প্ৰতি পৰিয়ালে কৃতজ্ঞতা প্ৰকাশ কৰিছে ।
সপ্তাহত মাছ আৰু চিপচ খাইছিল-
এই বছৰ যেতিয়া ভেনিজুৱেলাৰ ১১৪ বছৰীয়া জুয়ান ভিচেণ্টে পেৰেজৰ মৃত্যু হৈছিল, তেতিয়া টিনিছউডক বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে ঘোষণা কৰা হৈছিল । জন কয় যে দীৰ্ঘ জীৱন মাত্ৰ তেওঁৰ ভাগ্য । তেওঁ কেতিয়াও কোনো বিশেষ খাদ্যাভ্যাস পালন কৰা নাছিল আৰু সপ্তাহত এবাৰ মাছ আৰু চিপচ খাবলৈ পছন্দ কৰিছিল ।
জনে দুয়োখন বিশ্বযুদ্ধৰ অভিজ্ঞতা লাভ কৰিছিল-
জনে দুয়োখন বিশ্বযুদ্ধৰ অভিজ্ঞতা লাভ কৰিছিল । দ্বিতীয় বিশ্বযুদ্ধত তেওঁ প্ৰশাসনিক বিষয়াৰ ভূমিকা পালন কৰিছিল । শ্বেল আৰু বি পিৰ দৰে কোম্পানীত একাউণ্টেণ্ট হিচাপে কাম কৰি ১৯৭২ চনত অৱসৰ গ্ৰহণ কৰিছিল তেওঁ ।
মৃত্যুৰ সময়ত তেওঁ এগৰাকী কন্যা, চাৰিগৰাকী নাতি আৰু তিনিগৰাকী নাতিৰ নাতিনীক এৰি থৈ যায় । জন নিজৰ জীৱনশৈলীত সংযম বজাই ৰাখিছিল আৰু ইয়াক দীৰ্ঘজীৱনৰ ৰহস্য বুলি অভিহিত কৰিছিল ।
১১৬ বছৰ বয়সত মৃত্যু হয় জাপানৰ কিমুৰাৰ-
উল্লেখ্য যে, বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তিজন আছিল জাপানৰ জিৰমন কিমুৰা । ২০১৩ চনত ১১৬ বছৰ ৫৪ দিন বয়সত মৃত্যু হৈছিল তেওঁৰ ।