হত্যা আৰু ৰংগীলাৰ দৰে ব্লকবাষ্টাৰ ছবি নিৰ্মাণ কৰা চলচ্চিত্ৰ নিৰ্মাতা ৰাম গোপাল বৰ্মা শেহতীয়াকৈ ডাঙৰ বিপদত পৰিছে । অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ এটা দল হায়দৰাবাদৰ ৰাম গোপাল বাৰ্মাৰ ঘৰত উপস্থিত হৈছে । কাৰণ তেওঁ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত অপমানজনক কথা কোৱাৰ অভিযোগ উত্থাপন হৈছিল । এই গোচৰত ৰামু তথা ৰাম গোপাল বাৰ্মাক সোধা-পোছাৰ বাবে আৰক্ষীৰ সন্মুখত হাজিৰ হ’বলৈ কোৱা হৈছিল যদিও তেওঁ যোৱা নাছিল ।
চহৰৰ পৰা পলায়ন কৰিলে ৰাম গোপাল বাৰ্মাই ?
অংগোলে আৰক্ষী বিষয়া ৰাম গোপাল বৰ্মাৰ ঘৰত উপস্থিত হয়, য’ত তেওঁলোকে ছবি নিৰ্মাতাজনক বিচাৰি নাপায় যদিও আৰক্ষীয়ে তেওঁৰ ঘৰত অভিযান চলায় । কাৰণ তেওঁ একেৰাহে দ্বিতীয়বাৰৰ বাবে তদন্তকাৰী বিষয়াৰ আগত হাজিৰ হোৱা নাছিল । এই গোচৰত তেওঁক গ্ৰেপ্তাৰো কৰিব পাৰে বুলি খবৰ ওলাইছে । প্ৰতিবেদন অনুসৰি তেওঁক এই গোচৰত গ্ৰেপ্তাৰ কৰা হ’ব পাৰে । যেতিয়া পুলিচে গম পালে যে চলচ্চিত্ৰ নিৰ্মাতা জন ঘৰত নাই, তেতিয়া যথেষ্ট নাটক হৈছিল । প্ৰতিবেদনসমূহে সূচায় যে গ্ৰেপ্তাৰ এৰাই চলিবলৈ তেওঁ কয়েম্বাটুৰলৈ ৰাওনা হৈছে ।
ৰাম গোপাল বাৰ্মাই অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী লোকেশৰ বিৰুদ্ধে ‘ব্যোহম’ চলচ্চিত্ৰৰ সময়ত অপমানজনক পোষ্ট কৰিছিল, যাৰ ফলত অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ যো-জা চলাইছে ।
উল্লেখ্য যে ৰাম গোপাল বাৰ্মাই যোৱা সপ্তাহত আৰক্ষীৰ সন্মুখত হাজিৰ হ’বলৈ চাৰি দিনৰ অনুৰোধ কৰিছিল । তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী নাইডু, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ, তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী নাৰা লোকেশ আৰু অন্যান্যসকলৰ ভাবমূৰ্তি কলুষিত কৰাৰ চেষ্টা কৰাৰ অভিযোগ আছে । তেলেগু দেশম পাৰ্টিৰ (টি ডি পি) নেতা ৰামলিংগমৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ১১ নৱেম্বৰত চলচ্চিত্ৰ নিৰ্মাতাজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল ।
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য-
ৰাম গোপাল বাৰ্মাই ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিতৰ্কিত কথা লিখিছিল । বি এন এছ আইনৰ ৩৩৬ (৪) আৰু ৩৫৩ (২) ধাৰা আৰু আই টি আইনৰ ৬৭ নং ধাৰাত ৰামৰ বিৰুদ্ধে মাদ্দিপাডু থানাত গোচৰ ৰুজু কৰা হৈছে । ১৩ নৱেম্বৰত আৰক্ষীয়ে ৰাম গোপাল বাৰ্মাক জাননী জাৰি কৰি মদ্দীপাডু থানাত তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল ।
পৰৱৰ্তী সময়ত, ৰামে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল, কিন্তু আদালতে তেওঁক অন্তৱৰ্তীকালীন সকাহ অস্বীকাৰ কৰিছিল । আদালতে কৈছিল যে ই জামিন আৱেদনৰ দৰে আদেশ জাৰি কৰিব নোৱাৰে । ৰামে তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হোৱাৰ পৰা ৰেহাই বিচাৰিছিল আৰু ইয়াৰ বাবে অন্তৱৰ্তীকালীন আদেশ বিচাৰিছিল । যেতিয়া ৰামৰ অধিবক্তাই আদালতক জনাইছিল যে তেওঁ গ্ৰেপ্তাৰ হোৱাৰ আশংকা আছে, আদালতে কৈছিল যে আবেদনকাৰীয়ে জামিন আবেদন দাখিল কৰিব লাগে ।
উল্লেখ্য যে ৰাম গোপাল বৰ্মাই তেওঁৰ মন্তব্যৰ বাবে প্ৰায়ে বিতৰ্কৰ সন্মুখীন হয় আৰু এইবাৰ তেওঁ ৰাজনৈতিক মন্তব্য কৰি নিজকে সমস্যাত পেলাইছে ।