চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হোৱা আই পি এল ২০২৫ৰ মেগা নিলামত প্ৰতিযোগিতাখনৰ ১০টা ফ্ৰেঞ্চাইজিয়ে বহু ক্ৰিকেটাৰক ক্ৰয় কৰি টকাৰ বৰষুণ পেলাই । এই নিলামত ঋষভ পন্ট (২৭ কোটি), শ্ৰেয়াছ আয়াৰ (২৬.৭৫ কোটি) আৰু ভেংকটেশ আয়াৰ (২৩.৭৫ কোটি) শীৰ্ষ ৩ সৰ্বাধিক উপাৰ্জনকাৰী ক্ৰিকেটাৰ । ইয়াৰ বাহিৰেও কোটি কোটি মূল্যৰ বিড লৈ দলসমূহে ক্ৰয় কৰে বহু আনকেপড আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰক । কিন্তু এই নিলামত একাংশ ক্ৰিকেটাৰৰ ভাগ্য বেয়া বুলি প্ৰমাণিত হ’ল । বিড বাদেই, কোনো দলেই এই ক্ৰিকেটাৰসকলক ভিত্তি মূল্যতো কিনাৰ যোগ্য বুলি গণ্য কৰা নাছিল । ইয়াৰ ভিতৰত একাংশ শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰো আছে ।
দেৱদত্ত পাদিক্কাল (ভাৰত-ভিত্তি মূল্য ২ কোটি)
ডেভিড ৱাৰ্নাৰ- অষ্ট্ৰেলিয়া- ২ কোটি (ভিত্তি মূল্য)
জনী বেয়াৰষ্টো- ইংলেণ্ড- ২ কোটি (ভিত্তি মূল্য)
ৱাকাৰ চালামখিল- আফগানিস্তান- ৭৫ লাখ (ভিত্তি মূল্য)
আনমোলপ্ৰীত সিং- ভাৰত- ৩০ লাখ (ভিত্তি মূল্য)
যশ ধুল- ভাৰত- ৩০ লাখ (ভিত্তি মূল্য)
উৎকৰ্ষ সিং- ভাৰত- ৩০ লাখ (ভিত্তি মূল্য)
উপেন্দ্ৰ সিং যাদৱ- ভাৰত- ৩০ লাখ (ভিত্তি মূল্য)
লৱনিথ চিছ’দিয়া- ভাৰত- ৩০ লাখ (ভিত্তি মূল্য)
কাৰ্তিক ত্যাগী- ভাৰত- ৪০ লাখ (ভিত্তি মূল্য)
পীয়ুষ চাওলা- ভাৰত- ৫০ লাখ (ভিত্তি মূল্য)
শ্ৰেয়াস গোপাল- ভাৰত- ৩০ লাখ (ভিত্তি মূল্য)
কেন উইলিয়ামছন – নিউজীলেণ্ড – ২ কোটি টকা (ভিত্তি মূল্য)
গ্লেন ফিলিপছ- নিউজীলেণ্ড- ২ কোটি (ভিত্তি মূল্য)
অজিংক্য ৰাহানে- ভাৰত- ১.৫ কোটি (ভিত্তি মূল্য)
মায়ংক আগৰৱাল- ভাৰত- ১ কোটি (ভিত্তি মূল্য)
পৃথ্বী শ্ব- ভাৰত- ৭৫ লাখ (ভিত্তি মূল্য)
শাৰদুল ঠাকুৰ- ভাৰত- ২ কোটি (ভিত্তি মূল্য)
ডেৰিল মিচেল- নিউজীলেণ্ড- ২ কোটি (ভিত্তি মূল্য)
শাহী হোপ- ৱেষ্ট ইণ্ডিজ- ১.২৫ কোটি (ভিত্তি মূল্য)
শ্ৰীকৰ ভাৰত- ভাৰত- ৭৫ লাখ (ভিত্তি মূল্য)
এলেক্স কেৰী- অষ্ট্ৰেলিয়া- ১ কোটি (ভিত্তি মূল্য)
ডোনোভান ফ্ৰেইৰা- দক্ষিণ আফ্ৰিকা- ৭৫ লাখ (ভিত্তি মূল্য)
মুজিব উৰ ৰহমান – আফগানিস্তান – ২ কোটি (ভিত্তি মূল্য)
বিজয়কান্ত- শ্ৰীলংকা- ৭৫ লাখ (ভিত্তিক মূল্য)
আকিয়াল হোছেইন- ৱেষ্ট ইণ্ডিজ- ১.৫০ কোটি (ভিত্তি মূল্য)
আদিল ৰছিদ- ইংলেণ্ড- ২ কোটি (ভিত্তি মূল্য)
কেশৱ মহাৰাজ- দক্ষিণ আফ্ৰিকা- ৭৫ লাখ (ভিত্তি মূল্য)
স্বস্তিক চিকাৰা- ভাৰত- ৩০ লাখ (ভিত্তি মূল্য)
মাধৱ কৌশিক- ভাৰত- ৩০ লাখ (ভিত্তি মূল্য)
মায়ংক ডাগৰ- ভাৰত- ৩০ লাখ (ভিত্তি মূল্য)
অনুকুল ৰয়- ভাৰত- ৩০ লাখ (ভিত্তি মূল্য)