আৰম্ভ হৈছে আই পি এলৰ মেগা নিলাম । চৌদি আৰবৰ জেদ্দাত অনুষ্ঠিত হৈছে আই পি এল ২০২৫ৰ মেগা নিলাম । ইয়াৰ সমান্তৰালভাৱে অনুৰাগীৰ মাজত চৰ্চা চলি আছে এগৰাকী বিশেষ যুৱতীৰ । তেওঁ হৈছে কাব্যা মাৰাণ । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ কো-অনাৰ অথবা গৰাকীয়ে ২০২৩ চনত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল আৰু ২০২৪ ছিজনৰ পিছতো চৰ্চাত আছে তেওঁ । ২০১৮ চনত ছানৰাইজাৰ্ছৰ চি ই অ’ হিচাবে নিযুক্তি লাভ কৰা মাৰাণ মিডিয়া আৰু ৰাজনীতিবিদৰ এক শক্তিশালী পৰিয়ালৰ পৰা আহিছে । এতিয়া আকৌ এবাৰ এই নামটোৰ বিষয়ে আলোচনা হৈছে । গতিকে জানক কোন এই কাব্যা মাৰাণ ।
১৯৯২ চনৰ ৬ আগষ্টত চেন্নাইত জন্মগ্ৰহণ কৰা কাব্যা ছান গ্ৰুপৰ অধ্যক্ষ কালানিথি মাৰাণৰ কন্যা । তেওঁৰ মাতৃ কাবেৰী মাৰাণ ছ’লাৰ টিভি কমিউনিটি ৰিষ্ট্ৰিক্টেডৰ চি ই অ’ । ইয়াৰ বাহিৰেও মাৰাণ পৰিয়ালে দেশক আন বহু ডাঙৰ ব্যক্তিত্ব প্ৰদান কৰিছে । তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে ।
কাব্যা মাৰাণে ৱাৰউইক বিজনেছ স্কুলৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰাৰ পূৰ্বে চেন্নাইৰ ষ্টেলা মাৰিছ কলেজৰ পৰা কমাৰ্চত ডিগ্ৰী লাভ কৰে । কেইবাটাও বাতৰি অনুসৰি, পিতৃৰ সৈতে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সহ-মালিকীস্বত্ব আৰু ২০১৮ চনৰ পৰা ফ্ৰেঞ্চাইজিটোৰ চি ই অ’ হিচাপে কাম কৰি আহিছে তেওঁ । আই পি এল ফ্ৰেঞ্চাইজিৰ লগতে ছান গ্ৰুপ দক্ষিণ আফ্ৰিকাৰ টি-২০ লীগৰ ছানৰাইজাৰ্ছ ইষ্টাৰ্ণ কেপৰ মালিক । বিগত কেইবছৰমানৰ পৰা মাৰাণ আই পি এলৰ নিলাম আৰু ক্ৰীড়াৰ এক পৰিচিত মুখত পৰিণত হৈছে । কেমেৰা পাৰ্ছনৰ প্ৰিয় ব্যক্তি হৈ পৰিছে তেওঁ ।
কাব্যা মাৰাণৰ নেট ৱৰ্থ-
জন ভাৰত টাইমছৰ এক প্ৰতিবেদন অনুসৰি কাব্যা মাৰাণৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪০৯ কোটি টকা । অৱশ্যে তামিলনাডু আই আই এফ এল ৱেলথ হুৰুণ ইণ্ডিয়া ৰিচ লিষ্ট ২০১৯ত মুঠ ১৯ হাজাৰ কোটি টকাৰ সম্পত্তিৰে শীৰ্ষস্থান দখল কৰা পিতৃৰ তুলনাত এই ধনৰাশি সামান্য ।