ভাৰতে ‘গ্ল’বেল চাউথ’ৰ বাবে ৩০০ বিলিয়ন মাৰ্কিন ডলাৰ প্ৰদানৰ বিত্তীয় চুক্তি নাকচ কৰিছে । ভাৰতে দেওবাৰে আজাৰবাইজানৰ বাকুত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত ২০৩৫ চনৰ ভিতৰত বছৰি মুঠ ৩০০ বিলিয়ন মাৰ্কিন ডলাৰ প্ৰদান কৰাৰ লক্ষ্যৰে জলবায়ু বিত্তীয় পেকেজ নাকচ কৰি ইয়াক “অতি কম আৰু অতি দূৰৈৰ” বুলি অভিহিত কৰে ।
জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ যোৱা তিনি বছৰ ধৰি ‘গ্ল’বেল চাউথ’ৰ দেশসমূহে দাবী কৰি অহা ১.৩ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ তুলনাত ৩০০ বিলিয়ন মাৰ্কিন ডলাৰৰ আৰ্থিক সাহায্যৰ পৰিসংখ্যা বহু কম । ‘গ্ল’বেল চাউথ’ বুলিলে বিশ্বৰ দুৰ্বল বা উন্নয়নশীল দেশসমূহক বুজোৱা হয় । অর্থনৈতিক পৰিক্রমা বিভাগৰ উপদেষ্টা চান্দনী ৰাইনাই ভাৰতৰ হৈ এক বিবৃতি দিওঁতে কয় যে চুক্তিখন গ্রহণ কৰাৰ পূর্বে তেওঁলোকৰ মতামত দাঙি ধৰিবলৈ দিয়া হোৱা নাছিল, যাৰ ফলত এই প্রক্রিয়াত তেওঁলোকৰ আস্থা কমিছে ৷
এই লক্ষ্য অতি সৰু-
তেওঁ কয়, “এয়া সৰ্বাংগীনতাক অনুসৰণ নকৰা, দেশৰ স্থিতি সন্মান নকৰাৰ বহু ঘটনাৰ পুনৰাবৃত্তি… আমি অধ্যক্ষক জনাইছিলোঁ, আমি সচিবালয়ক জনাইছিলোঁ যে আমি যিকোনো সিদ্ধান্ত লোৱাৰ আগতে এটা বক্তব্য দিম । কিন্তু সকলোৱে দেখিলে যে এই সকলোবোৰ কেনেকৈ পূৰ্ব পৰিকল্পিত আছিল । আমি অত্যন্ত হতাশ ।” ৰাইনাই কয়, “এই লক্ষ্য অতি সৰু আৰু অতি দূৰৈৰ । তেওঁ গুৰুত্ব আৰোপ কৰে যে ইয়াক ২০৩৫ চনৰ বাবে নিৰ্ধাৰণ কৰা হৈছে, যি টো বহু দূৰত আছে ।
বছৰি ১.৩ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰয়োজন-
ৰাইনাই কয়, ‘আনুমানিক মতে ২০৩০ চনৰ ভিতৰত আমাক বছৰি কমেও ১.৩ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰয়োজন হ’ব । ৩০০ বিলিয়ন মাৰ্কিন ডলাৰ উন্নয়নশীল দেশসমূহৰ প্ৰয়োজন আৰু অগ্ৰাধিকাৰৰ সৈতে মিল নাই । এইটো চি বি ডি আৰ (সাধাৰণ কিন্তু পৃথক দায়িত্ব) আৰু সমতাৰ নীতিৰ সৈতে মিল নাই ।
এই জলবায়ু বিত্তীয় পেকেজ এটা কৌতুক-
এই সময়ছোৱাত কূটনীতিবিদ, নাগৰিক সমাজৰ সদস্য আৰু সাংবাদিকৰে ভৰা কোঠাটোত ভাৰতীয় আলোচনাপন্থীগৰাকীয়ে প্ৰবল সমৰ্থন লাভ কৰে । ৰাইনাই কয়, ‘আমি এই প্ৰক্ৰিয়াটোক লৈ অতি অসন্তুষ্ট আৰু হতাশ আৰু এই এজেণ্ডা গ্ৰহণৰ ক্ষেত্ৰত আপত্তি কৰিছো । নাইজেৰিয়াই ভাৰতক সমৰ্থন কৰি কয় যে ৩০০ বিলিয়ন মাৰ্কিন ডলাৰৰ জলবায়ু বিত্তীয় পেকেজটো এক “কৌতুক” । মালাউই আৰু বলিভিয়াইও ভাৰতক সমৰ্থন কৰে । ৰাইনাই কয় যে এই ফলাফলসমূহে উন্নত দেশসমূহে নিজৰ দায়িত্ব পালন কৰিবলৈ অনিচ্ছা স্পষ্টভাৱে দেখুৱাইছে ।
উন্নয়নশীল দেশসমূহ জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা অধিক প্ৰভাৱিত-
তেওঁ কয় যে উন্নয়নশীল দেশসমূহে জলবায়ু পৰিৱৰ্তনৰ ফলত আটাইতকৈ বেছি প্ৰভাৱিত হৈছে আৰু তেওঁলোকে উন্নয়নৰ মূল্যতওো কম কাৰ্বন নিৰ্গমন গ্ৰহণ কৰিবলৈ বাধ্য হৈছে । উন্নত দেশসমূহে গ্ৰহণ কৰা কাৰ্বন সীমা সমন্বয় ব্যৱস্থাৰ দৰে একপক্ষীয় পদক্ষেপৰ সন্মুখীন হ’বলগীয়া হৈছে । ৰাইনাই কয় যে প্ৰস্তাৱিত ফলাফলে উন্নয়নশীল দেশসমূহৰ জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খুৱাব পৰা ক্ষমতাত আৰু অধিক প্ৰভাৱ পেলাব আৰু জলবায়ুৰ লক্ষ্যৰ সৈতে জড়িত তেওঁলোকৰ উচ্চাকাংক্ষা আৰু উন্নয়নত ব্যাপক প্ৰভাৱ পেলাব ।
ভাৰতে এই প্ৰস্তাৱ নাকচ কৰে-
ৰাইনাই কয়, ভাৰতে এই প্ৰস্তাৱ বৰ্তমানৰ ৰূপত গ্ৰহণ নকৰে । উন্নয়নশীল দেশসমূহৰ বাবে এই নতুন জলবায়ু বিত্ত পেকেজ বা নতুন সামূহিক পৰিমাণগত লক্ষ্য (এন চি কিউ জি)য়ে ২০০৯ চনত নিৰ্ধাৰণ কৰা ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ লক্ষ্যৰ ঠাই ল’ব ।