বিশ্বৰ আটাইতকৈ ধনী উদ্যোগপতি আৰু কোটিপতি ব্যক্তি এলন মাস্কে ভাৰতৰ নিৰ্বাচন প্ৰণালী সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক ভাৰতৰ লোকসভা নিৰ্বাচনৰ সৈতে তুলনা কৰি তেওঁ এক মন্তব্য দিছে। সামাজিক মাধ্যমত এটা পোষ্ট দি এলন মাস্কে কয় তেওঁ “ভাৰতে এদিনতে ৬৪০ নিযুত ভোট গণনা কৰিছে, কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া ৰাজ্যত এতিয়াও ভোটগণনা চলি আছে”।
উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত ৫ আৰু ৬ নৱেম্বৰত ভোট দান কৰা হৈছিল। তেতিয়াৰ পৰা এতিয়াও চলি আছে ভোটগণনা ।কেলিফৰ্ণিয়া এই ৰাজ্যসমূহৰ ভিতৰত এখন।
অৱশ্যে, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনৰ মাজত এটা মৌলিক পাৰ্থক্য হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰত ভোটদান এতিয়াও বেলট পেপাৰ যোগে কৰা হয়, আনহাতে ভাৰতে বহু বছৰ পূৰ্বেই ভোটদানৰ বাবে ই ভি এম বাছনি কৰিছে। এলন মাস্কে কৰা এই মন্তব্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।