মেষ ৰাশি: – মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব পাৰে। আজি দূৰদৰ্শী হোৱাৰ প্ৰৱণতা থাকিব। আনৰ সমাদৰ পাব। লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।ভ্ৰমণৰ সুযোগ লাভ কৰিব। ঠিকাদাৰী,ব্যৱসায় লগত জড়িত ব্যক্তি সকলে লাভাৱান্বিত হ’ব পাৰিব।আজি সজাগ নহ’লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শত্ৰুৰ পৰা সাৱধান । ৰহস্যময় বিষয়ে আপোনাক আকৃষ্ট কৰিব ।
বৃষ ৰাশি:- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণ বা যিকোনো শুভ কৰ্ম আৰম্ভণি কৰোতে বিঘিনি ঘটিব পাৰে ।কোনো উৎসাহজনক সংবাদ পাব। আজি আপুনি সজাগ নহ’লে সামান্য মনত অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব । শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ সম্ভাৱনা। শাৰীৰিক শ্ৰম বৃদ্ধি পাব। শিল্পী সাহিত্যিকৰ সুনাম বৃদ্ধি পাব।
মিথুন ৰাশি:- মিথুন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব।মানসিক দিশত সুস্থিৰতা বিৰাজ কৰিব। আনৰ সুনাম নষ্ট নকৰিব।কৰ্মক্ষেত্ৰত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব। সামান্য ব্যয় বাঢ়িব পাৰে লগতে কৰ্মক্ষেত্ৰত এলাহভাৱ আহিব । ব্যৱসায়ত ধন নলগাব। ঘৰৰ পৰিৱেশ আজি শান্ত আৰু আনন্দপূৰ্ণ হৈ থাকিব । প্ৰিয়জনৰ সৈতে বিবাদ হ’ব পাৰে।
কৰ্কট ৰাশি: – কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বন বা সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব। বুজাবুজিৰ মাজেৰে সকলো কৰ্ম সমাপ্ত হোৱাৰ যোগ দেখা যায়।মনত ভক্তি ভাৱ বাঢ়িব। কৰ্মত আত্মীয় পৰিয়ালৰ পৰা সামান্য বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে। সামান্য সতৰ্ক হৈ থাকক । শাৰীৰিক আৰু মানসিক অৱস্থাৰ অৱনতি ঘটিব পাৰে। পেটৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে । অপ্ৰত্যাশিত ব্যয়ৰ বাবে সাজু থাকক ।ভ্ৰমণ এৰাই চলক ।
সিংহ ৰাশিৰ:- সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব। কৰ্মত ব্যস্ততা বৃদ্ধি পাব। আজি আপোনাৰ ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব।নতুন প্ৰেম হোৱাৰ সম্ভাৱনা আছে।বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব।পৰিয়ালৰ লোকৰ সৈতে তৰ্ক-বিতৰ্ক হোৱাৰ আশংকা । শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব । বিভ্ৰান্তিত ভুগিব আৰু নেতিবাচত চিন্তাই আপোনাক আমনি কৰিব পাৰে । সম্পত্তি সম্বন্ধীয় বিষয়ত সাৱধান ।
কন্যা ৰাশি: – কন্যা ৰাশিৰ জাতক-জাতিকা সকলৰ আজি কৰ্মত ভাল পৰিবেশন কৰিব। দেহ মনত ক্লান্তি ভাৱ বৃদ্ধি হ’ব ।কোনো মহিলাৰ পৰা সাৱধান হ’ব। কোনো কাম হাতত লোৱাৰ পূৰ্বে ভালদৰে চিন্তা কৰিব । বন্ধুসকলৰ সৈতে আনন্দপূৰ্ণ সময় কটাব পাৰে । আজি আপুনি অত্যধিক আৱেগিক হৈ থাকিব । দীৰ্ঘদিনৰ পৰা হৈ থকা কোনো ৰোগৰ পৰা শীঘ্ৰেই মুক্তি লাভ কৰিব। কাম বিচাৰি থকা সকলৰ বাবে ভাল খবৰ আহিব।
তুলা ৰাশি: – তুলা ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব। কোনো কথাত মনত ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব। বিবাহৰ কথা চলিব পাৰে।সন্তানৰ পৰা শুভ সংবাদ লাভ কৰিব। চকুৰ সামান্য ৰোগ বৃদ্ধি হোৱাৰ সম্ভাৱনা। ওচৰ-চুবুৰীয়াৰ সৈতে ব্যৱহাৰ ভাল কৰিব। মানসিক স্থিতি সবল হ’ব। সহজে কাকো বিশ্বাসত নল’ব।
বৃশ্চিক ৰাশি: – বৃশ্চিক ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত সামান্য দুৰ্বল ভাৱ অনুভৱ কৰিব পাৰে।পিতৃ-মাতৃৰ কোনো কথাই মনত সুখ-শান্তি আনিব।মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব। মনৰ পৰা খংঙ আৰু অভিমান ভাৱ পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব। অন্যথা পৰিয়ালৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে।পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে।কৰ্মত সামান্য সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। মনোৰ
ধনু ৰাশি: – ধনু ৰাশিৰ জাতক-জাতিকা সকলৰ আজি প্ৰেমত আনন্দ বাঢ়িব। ব্যৱসায়িক দিশত সফলতা লাভ কৰিব। দিনটোত সন্মান বাঢ়িব। সামাজিক কৰ্মত প্ৰতিস্থা লাভ কৰিব। লগতে আজি আপুনি প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।যাত্ৰাকালত শ্ৰীগণেশক স্মৰণ কৰিব। নম্ৰতা, সৰলতা গুণ বৃদ্ধি পাব।
মকৰ ৰাশি:- মকৰ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটো ৰং ধেমালিৰ মাজেৰে দিনটো পাৰ হ’ব। ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব। কৰ্মত হীনমান্য ভুগিব লগিয়া হ’ব পাৰে।যি কোনো কামত কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।আজি আপুনি সতৰ্ক হৈ থাকক ৷ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ ভুল বুজাবুজি হ’ব পাৰে । ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক ৷
কুম্ভ ৰাশ:-কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত দেহ মনত সুখ শান্তি বাঢ়িব।মানসিক স্থিতি উন্নত হ’ব। সূৰ্য প্ৰণাম কৰিলে মানসিক শক্তি বৃদ্ধি কৰিব। পাৰিবাৰিক দিশত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।ঘৰলৈ আলহীৰ আগমন হ’ব। গণেশ মন্দিৰত ধূপ চাকি জ্বলাব পাৰে।
মীন ৰাশি:- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাগ্যৰ পৰিবৰ্তন হ’ব পাৰে। সম্পত্তি ক্ৰয়ৰ পূৰ্ণ সম্ভাৱনা আছে। বিলাসিতাৰ মাজেৰে দিনটো পাৰ হ’ব। ধৰ্মীয় কোনো অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰিব।নিজৰ কথা-বতৰা আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক । কাৰো ওপৰত ক্ৰোধ নকৰিব ।