আয়ুৰ্বেদত আদাক এক কাৰ্যকৰী ঔষধ বুলি গণ্য কৰা হয়। শীতকালত তিতা আদা ব্যৱহাৰ কৰিব লাগে আৰু গ্ৰীষ্মকালত শুকান আদা ব্যৱহাৰ কৰিব লাগে। ঠাণ্ডাৰ দিনৰ আদাৰ চাহ বহু উপকাৰী।
প্ৰায়বোৰ ঘৰতেই আদা ব্যৱহাৰ কৰা হয়। আদা সেৱন কৰি, শৰীৰ বহুতো ৰোগৰ পৰা আঁতৰি থাকিব পাৰি।ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ উপৰিও, আদাই আন বেয়া কলেষ্টৰেল হ্ৰাস কৰাত সহায় কৰে। ই ওজন হ্ৰাস কৰাতো সহায় কৰে। বেয়া কলেষ্টেৰল হ্ৰাস কৰাৰ বাবে আদাৰ ৰস অতি উপকাৰী।
আদাত ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্ট থাকে। আদাত জিঞ্জাৰল নামৰ এণ্টিঅক্সিডেণ্ট থাকে যি প্ৰদাহ হ্ৰাস কৰে।আদাত ভিটামিন বি৬ আৰু ভিটামিন চি থাকে যি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। পটাছিয়াম আৰু মেগনেছিয়াম থাকে,যি ৰক্তচাপ আৰু হৃদৰোগৰ আশংকা আঁতৰ কৰে।
শৰীৰত বেয়া কলেষ্টৰেল বৃদ্ধি কৰিলে হৃদৰোগত আক্ৰমণ আৰু ষ্ট্ৰোকৰ আশংকা বৃদ্ধি হয়।আদাত পোৱা জিঞ্জাৰলে বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।
আদাৰ ৰস খালে ট্ৰাইগ্লিচাৰাইড আৰু সামগ্ৰিক কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰিব পাৰে। ইয়াত পোৱা এণ্টিঅক্সিডেণ্ট বোৰে শিৰাবোৰত প্লেক জমা হোৱাৰ সমস্যাও হ্ৰাস কৰে। আদাৰ ৰস খালে শৰীৰত পিত্তৰ ৰস বৃদ্ধি হয়, যাৰ ফলত কলেষ্টৰেল বোৰ নোহোৱা হয়।
ইয়াৰ বাবে, আপুনি আদাৰ ২-৩ ইঞ্চিৰ টুকুৰা এটা গুৰি কৰিব ল’ব। এতিয়া এখন কপাহী কাপোৰত পিচি থোৱা আদা খিনি লৈ টানকৈ চেপি দিয়ক।আদাৰ ৰসখিনি পানীত মিহলি কৰি তাত সোৱাদ অনুসৰি অকমান মৌ আৰু নেমু দিব পাৰে।ৰাতিপুৱা খালী পেটত এই ৰস খালে উপকৃত হ’ব।