বৰ্তমান সময়ত হৃদৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যুৰ ঘটনা নিৰন্তৰ বৃদ্ধি পাইছে। অন্ধ্ৰ প্ৰদেশৰ কুৰনুল জিলাটো তেনে এক শোকাৱহ ঘটনা পোহৰলৈ আহিছে।
ভাম্চি নামৰ এজন ব্যক্তি বাংগালুৰুৰ পৰা তেওঁৰ বন্ধুৰ বিয়াৰ বাবে কুৰনুলৰ কৃষ্ণগিৰি মণ্ডলৰ পেনুমাদা গাঁৱত উপস্থিত হৈছিলহি।
দৰা আৰু কইনা মঞ্চত থকাৰ সময়ছোৱাত তেওঁৰ বাকী বন্ধুসকলও মঞ্চত উপস্থিত আছিল।বন্ধুবৰ্গৰ দ্বাৰা দৰা আৰু দৰাক উপহাৰ দিয়া হৈছিল। উপহাৰ দি থকাৰ সময়তেই হঠাতে মঞ্চত বাগৰি পৰে ভাম্চি নামৰ লোকজন।
ততাতৈয়াকৈ বিবাহস্থলীত উপস্থিত থকা লোকসকলে ভাম্চিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
মৃতব্যক্তি গৰাকী বাংগালোৰত অৱস্থিত আমাজন কোম্পানীৰ এজন কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে।হৃদৰোগত আক্ৰান্ত হৈ ব্যক্তি গৰাকীৰ মৃত্যুত বিবাহৰ আনন্দ শোকলৈ পৰিণত হয়।