নিমখীয়া বস্তুৱে আমাৰ খাদ্যৰ সোৱাদ বৃদ্ধি কৰে । বহুতে চিপচ, ফ্ৰেঞ্চ ফ্ৰাই, কাটলেট আৰু ফুচকাৰ দৰে নিমখীয়া খাদ্য ভাল পায়, কিন্তু ইয়াত প্ৰচুৰ পৰিমাণে ছডিয়াম থাকে যিয়ে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে । পুষ্টিবিদসকলে কি কি কাৰণত আমি আমাৰ নিমখ খোৱাৰ অভ্যাস যিকোনো মূল্যতে ৰোধ কৰিব লাগে তাৰ পৰামৰ্শ আগবঢ়াই । জানি লওক কিয় ক্ষতিকাৰক নিমখীয়া খাদ্য-
উচ্চ ৰক্তচাপ-
নিমখত থকা ছডিয়ামে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে ।
হৃদযন্ত্ৰৰ বাবে বিপজ্জনক-
অত্যধিক ছডিয়াম সেৱনে হৃদযন্ত্ৰৰ স্বাস্থ্য বিপন্ন কৰি হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ।
ওজন বৃদ্ধি পাব-
অত্যধিক নিমখীয়া খাদ্য গ্ৰহণ কৰিলে আপোনাৰ শৰীৰ অতিৰিক্ত পানীৰে ভৰি পৰে, যাৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে ।
পেটৰ সমস্যা-
অত্যধিক নিমখীয়া খাদ্য খোৱাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা, যেনে- এচিডিটি, গেষ্ট্ৰাইটিছ, আৰু পাইলচ আদিৰ সৃষ্টি হ’ব পাৰে ।
হাড়ৰ ক্ষতি-
সীমাতকৈ অধিক ছডিয়াম সেৱন কৰিলে হাড়ৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত অষ্টিঅ’পৰ’ছিছৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে ।
বৃক্কৰ ৰোগ-
অত্যধিক নিমখ সেৱন কৰাটো বৃক্কৰ স্বাস্থ্যৰ বাবে উপকাৰী নহয় কাৰণ ই বৃক্কৰ কাৰ্য্যত সমস্যাৰ সৃষ্টি কৰে ।