তামিলনাডুৰ থাঞ্জাভুৰত এক নৃশংস ঘটনা পোহৰলৈ আহিছে।তথ্য অনুসৰি, বিদ্যালয় চৌহদতে এগৰাকী ২৬ বছৰীয়া শিক্ষয়িত্ৰীক হত্যা কৰা হয়।
জানিব পৰা মতে এজন ৩০ বছৰীয়া ব্যক্তিয়ে শিক্ষয়িত্ৰীক যুৱকজনে দিছিল বিবাহৰ প্ৰস্তাৱ দিছিল। সেই প্ৰস্তাৱটো অস্বীকাৰ কৰিছিল তেওঁ। সেই কথাটোতে ক্ষুব্ধ হৈ লোকজনে বিদ্যালয় চৌহদৰ ভিতৰত চৰকাৰী শিক্ষয়িত্ৰীগৰাকীক ডিঙি ৰেপি হত্যা কৰে।
জানিব পৰা মতে ২৬ বছৰীয়া শিক্ষয়িত্ৰী গৰাকীৰ নাম আছিল ৰমণী। ঘটনাটো বুধবাৰে ৰাতিপুৱা সংঘটিত হৈছিল যেতিয়া ৩০ বছৰীয়া মদনে মল্লিপত্তনমৰ এখন চৰকাৰী বিদ্যালয়ত শিক্ষয়িত্ৰী গৰাকীক আক্ৰমণ কৰিছিল।
ঘটনাটোৰ পিছতেই আৰক্ষীয়ে মদনক গ্ৰেপ্তাৰ কৰি সোধা-পোছাত জানিব পাৰে যে ৰমণী আৰু মদনৰ পৰিয়ালে অলপতে তেওঁলোকৰ বিবাহৰ বিষয়ে আলোচনা কৰিছিল।
কিন্তু ৰমণীয়ে সেই প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিছিল। ইয়াৰ পিছতে হতাশা হৈ মদনে ৰমণীৰ বিদ্যালয়লৈ গৈছিল আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। এই আক্ৰমণৰ পিছত চিকিৎসালয়লৈ নিয়াৰ সময়তেই মৃত্যু হয় ৰমণীৰ।