অধিক অৱনতি ঘটিছে দিল্লীৰ পৰিস্থিতি।প্ৰদূষণে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ।গেছ চেম্বাৰত পৰিণত হৈছে দিল্লী-এনচিআৰ।প্ৰদূষিত বায়ুৰ বাবে দৃশ্যমান হোৱা নাই সূৰ্য্য।AQI য়ে দিল্লীত স্পৰ্শ কৰিলে ৫০০ৰ ঘৰ।
দিল্লীবাসীৰ বাবে বান্ধি দিয়া হৈছে বহু কেইটা নিয়ম ।বায়ুৰ মানদণ্ডৰ এই অৱনতিৰ বাবে, দিল্লী-এনচিআৰ অঞ্চলত গ্ৰেডেড ৰেচপন্স একচন প্লেনৰ চতুৰ্থ পৰ্যায় অৰ্থাৎ জিআৰএপি-৪ কাৰ্যকৰী কৰা হৈছে।কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (চিপিচিবি) আৰু দিল্লী চৰকাৰৰ পৰিৱেশ বিভাগে গঠন কৰা এই আঁচনিখনৰ উদ্দেশ্য হৈছে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা ৰূপায়ণ কৰা,বিশেষকৈ যেতিয়া একিউআই ৪০০ ৰ ওপৰলৈ উঠে।
জিআৰএপি-৪ৰ অধীনত নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ, নিৰ্মাণ ক্ষেত্ৰৰ পৰা উৰি অহা ধুলিৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু বাহনৰ সংখ্যা হ্ৰাস কৰাৰ বাবে পদক্ষেপ লোৱা হ’ব।অতি ঘন কুঁৱলীৰ ভৱিষ্যতবাণী কৰা হৈছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত, ৰাজধানীত কমলা সতৰ্কবাণী জাৰি কৰা হৈছে।
এই প্ৰদূষণৰ ফলত দিল্লীবাসীৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনা।এই নিৰ্দেশনা অনুসৰি প্ৰাথমিক-মজলীয়া বিদ্যালয়ৰ পাঠদান অনলাইনত চলিব।৫০শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰাই সম্পন্ন কৰিব লাগিব কাম । সম্পূৰ্ণৰূপে বন্ধৰ ঘোষণা কৰি দিয়া হৈছে সকলো নিৰ্মাণ কাৰ্য ।
প্ৰদূষণৰ বাবে বহু বিমান চলাচলত আহিছে বাধা।বাতিল হৈছে অৱতৰণ,উৰণটো হৈছে বিলম্ব। জানিব পৰা মতে দিল্লীৰ কেতবোৰ প্ৰান্তত প্ৰদূষণৰ ফলত উশাহ লোৱাটো তীব্ৰ সমস্যাৰ সৃষ্টি হৈছে। ক’লা ধোঁৱাৰ দৰে ধূসৰ আচ্ছাদনে আৱৰি আছে দিল্লীৰ আকাশ।