মেষ ৰাশি -এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজি আত্মবিশ্বাস বাঢ়িব। টকা পইচাৰ লেনদেনত সাৱধানতা অৱলম্বন কৰিব।ধন হানি হোৱাৰ আশাংকা আছে। হঠাতে কোনো ভাল খবৰ বা সফলতা লাভ কৰিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব। কামত আপোনাৰ জ্যেষ্ঠজন সুখী হোৱাৰ সম্ভাৱনা। আপোনাক প্ৰশংসা কৰিব। আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব ।জীৱনলৈ অতি সোনকালে কোনো আপোনজনৰ আগমণ হ’ব।
বৃষ ৰাশি -এই ৰাশিৰ জাতক-জাতিকা সকলৰ দিন ভালদৰে পাৰ হোৱাৰ সম্ভাৱনা। কেৰিয়াৰৰ লগত জড়িত দিশত সফলতা লাভ কৰিব। প্ৰেমত সমস্যা আহিব পাৰে। ব্যৱসায় আৰু চাকৰিত শুভ। স্বাস্থ্য ভালে যাব। খৰচৰ ওপৰত গুৰুত্ব দিব। খং কৰাৰ পৰা বিৰত থাকক । বন্ধুৰ পৰা বিশেষ সহায় লাভ কৰিব । আজি আপুনি চকুৰ সমস্যাত ভুগিব পাৰে । কুকুৰক খাদ্য দিয়ক ।
মিথুন ৰাশি – মানসিক অশান্তিৰ বাবে একাগ্ৰতা ভংগ হব । খৰচৰ মাত্ৰা নিয়ন্ত্ৰণ কৰক । আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক ।সাহস বৃদ্ধি পাব। ভ্ৰমণৰ যোগ আছে।ভালদৰে চিন্তা কৰি আগবাঢ়িব। আৰ্থিক দিশটো ভাল বেয়াৰ মাজেৰে চলিব। স্বাস্থ্যত গুৰুত্ব দিব। বন্ধুৰ কোনো কথাই মনত আঘাত দিব পাৰে।
কৰ্কট ৰাশি – বিশ্ৰাম কৰাৰ বিশেষ প্ৰয়োজন হব ।নতুন কাপোৰ ,নতুন বন্ধু-বান্ধবে আজিৰ দিনটোক বিশেষ কৰি তুলি।টকাৰ ক্ষেত্ৰত সকলোকে বিশ্বাস নকৰিব। মান সন্মান বৃদ্ধি পাব। ধৰ্মীয় দিশত আস্থা থাকিব। আলহীৰ সমাগম হ’ব। খাদ্যৰ প্ৰতি সচেতন হ’ব। জ্যেষ্ঠজনৰ পৰামৰ্শ মানি চলিব। ধন লেনদেনত গুৰুত্ব দিব। দীৰ্ঘ দিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। নতুন কামৰ আৰম্ভ কৰিব পাৰে। ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব পাৰে।
সিংহ ৰাশি – নিৰাশাবাদী ব্যৱহাৰ আপুনি পৰিহাৰ কৰা উচিত । সন্তানৰ পৰা সুখ পাব । প্ৰেমৰ ক্ষেত্ৰত আজি নিশ্চয় সুফল লাভ কৰিব । সমাজত মান প্রতিষ্ঠা হব ।কৰ্মত বিচক্ষণতা প্ৰকাশ পাব। আজি কাকো মিছা কথা নকব। ঘৰত বিবাহৰ কথা আগবাঢ়িব পাৰে।কাম বিচাৰি থকা সকলৰ বাবে আজি আশাকৰা ধৰণে খবৰ আহিব।কথা কোৱাৰ সময়ত ভাবি চিন্তি কব, আপোনাৰ কথাই পৰিয়ালৰ লোকক আঘাত দিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।
কন্যা ৰাশি – অতিথিৰ আগমন হ’ব পাৰে । অধিক যাত্ৰাই ভাগৰুৱা কৰি তুলিব । ঘৰত ভালকৈ চলি থাকিবলৈ সকলোৰে লগত মিলি-জুলি কাম কৰক। আজি গুৰু কৃপা লাভ কৰিব। আনৰ তোষামোদত ভুল নাযাব।ব্যৱসায়ত পৰিকল্পনা কৰাত গুৰুত্ব দিব। শিক্ষাৰ্থীসকলৰ সমস্যা আহিব পাৰে। ঘৰত ধৰ্মীয় কাম- কাজ হোৱাৰ সম্ভাৱনা। ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা। প্ৰিয়জনৰ পৰা কোনো বিশেষ উপহাৰ লাভ কৰিব।
তুলা ৰাশি – আজি আপোনাৰ মাজত সক্ৰিয়তা দেখা যাব। স্বাস্থ্যই আজি আপোনাক পুৰ্ণ সমৰ্থ্ন দিব। যিকোনো নতুন চিন্তাই আপোনাক আৰ্থিক ভাৱে লাভান্বিত কৰিব। সন্ধিয়াৰ সময়ত ৰান্ধনি ঘৰৰ বস্তু ক্ৰয় নকৰিব। আপুনি আজি প্ৰেমৰ মনোদশাত থাকিব।চাকৰি বিচাৰি থকা সকলে ভাল খবৰ লাভ কৰিব পাৰে।বিদ্যাত শুভ।অযথা কাৰোৰে সৈতে কাজিয়া নকৰিব। কুকুৰ-মেকুৰীৰ পৰা ক্ষতি হ’ব পাৰে।আজি মহিলাৰ সৈতে লেন-দেন নকৰিব। ৰোগ কমিব।
বৃশ্চিক ৰাশি – আজি কোনোবা জ্ঞানী পুৰুষক লগ পাই আপোনাৰ বহুত সমস্যা সমাধান হৈ যাব।বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন।আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে।আনৰ প্ৰেৰণাই আপোনাৰ ভাগ্য মুকলি কৰিব। ধনৰ লালসা কমাব। কৰ্মত বিচক্ষণতা প্ৰকাশ পাব। যান-বাহনৰ পৰা ক্ষতি হ’ব পাৰে। পৰিয়ালৰ ওপৰত গুৰুত্ব দিব। বন্ধুৰ সৈতে সময় কটাব। নতুন কিবা আৰম্ভ কৰাৰ চেষ্টা কৰিব পাৰে। কাৰোবাক প্ৰতিশ্ৰুতি দিয়াৰ আগতে চিন্তা কৰি চাব।
ধনু ৰাশি –সকলো সময়তে নিজক গুৰুত্ব দিয়ক।অন্যথা,স্বাস্থ্য বেয়া হব পাৰে ।অনবৰতে আনৰ দোষ খুচৰি নাথাকিব। কীটনাশক দ্ৰব্যৰ পৰা সাৱধানে থাকিব। অলপ সাৱধান হ’ব নহ’লে মূল্যবান সামগ্ৰী হেৰুৱাব পাৰে। প্ৰিয়জন আজি সুখত থাকিব , কিন্তু হঠাৎ কাজিয়া হ’ব পাৰে । নিজৰ সন্তানক আজি সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ উপদেশ দিব।
মকৰ ৰাশি – সাৱধানেৰে আৰ্থিক নিৱেশ কৰক ।দান-পূণ্যৰ কামত কিছু সময় ব্যতিত কৰক । প্ৰতিযোগিতাত সফলতা লাভ কৰিব ।শাৰীৰিক সক্ৰিয়তা বঢ়োৱাটো লাভদায়ক হ’ব ।সম্পত্তিৰ দিশত ভাল। পিতৃৰ সম্পত্তি লাভ কৰাৰ সম্ভাৱনা। ব্যৱসায়িক ক্ষেত্ৰত সিদ্ধান্ত লওঁতে সাৱধান। পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। অচিনাকী লোকক বিশ্বাসত নল’ব।নিজৰ অনুভৱক নিয়ন্ত্ৰণ কৰিব।
কুম্ভ ৰাশি –আনৰ পৰা মৰম আৰু সন্মান পাব।সমাজহিতৈষী আৰু ধৰ্মীয় চিন্তা বৃদ্ধি পাব। ধনাত্মক চিন্তাৰ জৰিয়তে নিজকে বেমাৰৰ লগত যুঁজ দিবৰ বাবে উৎসাহিত কৰক। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে স্বাস্থ্যত গুৰুত্ব দিব। দোমোজাত থাকি সিদ্ধান্ত গ্ৰহণ নকৰিব। বাহন ক্ৰয়ৰ সম্ভাৱনা আছে।সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। দিনটো ব্যস্ততা থাকিলেও ভালদৰে পাৰ হোৱাৰ সম্ভাৱনা।
মীন ৰাশি – দান-পূণ্যৰ কামে আপোনাক মানসিক শান্তি আৰু সন্তুষ্টি দিব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব।।আধ্যাত্মিক দিশত অলপ ধ্যান দিয়ক ।ঘৰত আলহীৰ সংখ্যা বৃদ্ধি পাব।কামৰ বাবে বাহিৰত যাব লাগিব পাৰে।কাৰ্যসিদ্ধিত গুৰুয়ে কৃপা কৰিব। গৃহ নিৰ্মাণৰ সিদ্ধান্ত ল’ব পাৰে। খৰচ বৃদ্ধি পাব। ধৈৰ্য ধৰি কাম কৰিব। প্ৰেমত শুভ।