পানী আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংশ, আৰু আমাৰ শৰীৰত ই যথেষ্ট পৰিমাণ থাকে । সেইকাৰণে শৰীৰৰ পানীৰ পৰিমাণ কেতিয়াও কম হ’ব নালাগে । বেছিভাগ লোকে পুৱা সাৰ পোৱাৰ লগে লগে পানী খায়, কিন্তু শোৱাৰ আগতে এগিলাচ পানী খোৱাৰ লাভালাভবোৰ আপুনি জানেনে ? জানক বিশেষজ্ঞই কি কয়-
শোৱাৰ পূৰ্বে পানী খোৱাৰ লাভালাভ-
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়-
শুবলৈ যোৱাৰ পূৰ্বে পানী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, যাৰ ফলত ভাইৰাছ আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি পায় । এনে পৰিস্থিতিত চৰ্দি, কাহ, জ্বৰ, ফ্লুৰ দৰে ৰোগৰ আশংকা কমি যায় ।
মেটাবলিজিমত উন্নতি-
শোৱাৰ পূৰ্বে পানী খোৱাটোৱে আপোনাৰ মেটাবলিজিমৰ ক্ৰিয়া ত্বৰান্বিত কৰে, যাৰ ফলত আপোনাৰ শৰীৰৰ বাবে বিভিন্ন লাভ হ’ব পাৰে । গতিকে এই ৰুটিন অনুসৰণ কৰাটো নিশ্চিত কৰিব পাৰে ।
বৃক্কৰ স্বাস্থ্য-
শোৱাৰ পূৰ্বে পানী খোৱাটোৱে আপোনাৰ বৃক্কৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে, কিয়নো ই আমাৰ বৃক্ক পৰিষ্কাৰ ৰাখে আৰু বৃক্কৰ ক্ষতি হোৱাৰ আশংকা হ্ৰাস কৰে ।
ছাল পৰিষ্কাৰ হয়-
শুবলৈ যোৱাৰ আগতে পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ বাহিৰলৈ ওলাই যোৱাত সহায় কৰে, ছালখন পৰিষ্কাৰ আৰু সুন্দৰ কৰি ৰাখে । বিশেষকৈ ছালৰ সমস্যাত ভুগি থকাসকলৰ বাবে এই পদ্ধতি অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে ।